NORTHEAST NOW (Assamese)
অসম

সৰ্বানন্দ সোণোৱাললৈ জুবিন গাৰ্গৰ চিঠিত অকাট্য যুক্তি আৰু গভীৰ অসমপ্ৰেমৰ নমুনা

Posted by: এন ই নাও নিউজ January 8, 2019 4:39 pm
Zubeen letter to Sarba

“মই খিলঞ্জীয়াৰ ক্ষতি হ’ব পৰা কাম নকৰো, অসমৰ মানুহ চিন্তিত হ’ব নালাগে” বুলি কৈ এতিয়াও পুৰণি ৰেকৰ্ডখন বজাই থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জুবিন গাৰ্গে আজি লিখা এখন চিঠিয়ে সকলোৰে দৃষ্টি কাঢ়িছে। “প্ৰতি সৰ্বাদা” বুলি সম্বোধন কৰি অসমীয়াতে লিখা চিঠিখনত আছে গভীৰ অসম প্ৰেমৰ নমুনা। লগতে আছে অকাট্য শক্তিশালী যুক্তি। শিল্পীজনে মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতিত দুখ প্ৰকাশ কৰিছে চিঠিখনৰ জৰিয়তে।

“বহুত কোৱা হ’ল- এবছৰ-দুবছৰ ধৰি কৈয়ে আছো। চৰকাৰে নুবুজিলে। ধৰ্ম আৰু জাতিৰ মাজৰ পাৰ্থক্যটো বুজি নাপালে।” আৰম্ভণিতেই জুবিনে এইদৰে কয়।

“এই বিধেয়কখন আমি নামানো। মোৰ পঞ্চলিছ বছৰ বয়স হ’ল। জন্মৰ পৰা বাংলাদেশী বাংলাদেশীয়েই শুনি আহিছোঁ। এতিয়া আমনি লাগিছে। ভাগৰো লাগিছে। তাতকৈয়ো বেছি লাজ লাগিছে- যিবোৰ মানুহে বাংলাদেশী নালাগে বুলি আন্দোলন কৰিছিল, সেইবোৰেই মন্ত্ৰী, বিধায়ক হৈ থাকিবৰ কাৰণে অসমখন শেষ কৰি দিব খোজা দেখি।” নিজৰ চিঠিত লিখে শিল্পীজনে।

তাৰ পিছতে তেওঁ আকৌ প্ৰশ্ন কৰে, সৰ্বাদা নিজেই ‘আছু’ত আছিল। তেওঁ যদি এনেকুৱা কৰে, তাৰ পিছত আমি কাক বিশ্বাস কৰিম?

“মোদীৰ কাষত থাকি হাতচাপৰি মাৰি থকাতকৈ বহুত ডাঙৰ কাম আছে। তেওঁ নিজে লাজ নাপালেও আমি কিন্তু লাজ পাওঁ”, সোণোৱালক কটাক্ষ কৰি জুবিনে কয়।

যুটীয়া সংসদীয় সমিতিৰ মিথ্যাচাৰৰ প্ৰসংগত তেওঁ লিখে, “জেপিচি আকৌ আহিম বুলি কৈছিল, নাহিল। আমাক ঠগিলে। আমাক মোদীয়ে ঠগিলে, সৰ্বাদাই ঠগিলে, বিজেপিয়ে ঠগিলে।”

সংসদত বিলখন উত্থাপন হ’লেও সৰ্বাদাই না কৈ দিব পাৰে। কৈ চাওকচোন—যি হয় দেখা যাব। মই এতিয়াও শান্ত হৈ আছো। এসপ্তাহমান অসমত নাথাকিম। ঘূৰি অহাৰ আগলৈকে সৰ্বাদাই কিবা কৰিলে ভাল। নহ’লে এইবাৰ মই অকলে আন্দোলন কৰিম। কি কৰিম নাজানো!” চিঠিখনত জুবিনে লিখে।

তেওঁ বিধেয়কখনৰ বিষয়ে আৰু এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাই কাতৰভাৱে কয়, “আছুৱে প্ৰতিবাদ কৰিছে, গোহাঁই ছাৰে লিখি আছে, কৃষক মুক্তিয়ে দিল্লীত গৈ ধৰ্ণা দিছে। সকলোৱে না বুলি কৈছে যেতিয়া আৰু এবাৰ বিবেচনা কৰি চাওক।

“আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই। আকৌ এবাৰ ভাবি চাওক।– সাতদিনৰ পিছত ভদ্ৰতা শিকাই লাভ নহ’ব নহ’লে।” জুবিনৰ ভাষ্য।

চিঠিখন লিখি জনপ্ৰিয় শিল্পীজনে নিজৰ ফেইচবুক একাউণ্টৰ টাইমলাইনত প্ৰকাশ কৰে আৰু হাজাৰা য়ুজাৰে এইখন শ্বেয়াৰ কৰা দেখা গৈছে।