NORTHEAST NOW (Assamese)
অসম

অগপক বিজেপিৰ বি টিম আখ্যা গৌৰৱ গগৈৰ

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া January 17, 2019 7:52 am
Gaurav Gogoi
গোলাঘাট:নাগৰিকত্ব সশোধনী  বিধেয়কৰ বিৰোধিতা কৰি অসম গণ পৰিষদ দলে বিজেপিৰে মিত্ৰতা ভংগ কৰিলে যদিও এতিয়াও অঞ্চলিকতাবাদী দলটো বিজেপি মুক্ত হোৱা নাই। বৰঞ্চ গেৰুৱা দলটোৰ বি টিম হিচাপে কাম কৰি আছে। এই অভিযোগ সাংসদ গৌৰৱ গগৈৰ।
গগৈয়ে ব্যক্তিগতভাবে অগপ আৰু এ আই য়ু ডি এফৰে মিত্ৰতা নিবিচাৰে বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ আৰু দল-সংগঠনসমূহে এখন মঞ্চত একত্ৰিত হৈ প্ৰতিবাদ কৰাৰ আহ্বান জনাইছে।
ইয়াৰ উপৰি নাগৰিকত্ব সশোধনী  বিধেয়ক সম্পৰ্কত  মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছ দলে ভাল ফল লাভ কৰিব বুলি দাবী কৰে সাংসদগৰাকীয়ে। ১৬ জানুৱাৰিত গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন তিনি ছাত্ৰ নেতা মহেন বৰা,বিদ্যুৎ শইকীয়া আৰু ৰাজীৱ লস্কৰৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্য চিকিৎসালয়ত উপস্থিত হোৱা যুৱ সাংসদগৰাকীয়ে এইদৰে কয়।
তেওঁ ছাত্ৰ নেতাকেইজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকক গামোচা পিন্ধাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি বিজেপি চৰকাৰে যদি ভাল কাম কৰিছে তেন্তে তেওঁলোকক গামোচা পিন্ধোৱাৰ পৰিবৰ্তে ৰাজ্যৰ চাৰিওফালে কিয় ক’লা পতাকা প্ৰদৰ্শন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে।
ইফালে বিধেয়কখনৰ বিৰোধিতা কৰি শেহতীয়াকৈ বিজেপিৰ কেইগৰাকীমান বিধায়কে বিদ্ৰোহ কৰা ঘটনাক সাংসদগৰাকীয়ে আন এক প্ৰশ্ন তুলি এয়া কৌশলী ৰাজনীতি কৰিছে বুলি উল্লেখ কৰে।