NORTHEAST NOW (Assamese)
অসম

নগাঁৱত শিল্পী দিৱসত ৰূপকোঁৱৰক স্মৰণ : প্ৰবীণ নাট্যশিল্পী জ্ঞানদা বৰাক শিল্পী বঁ‌টা প্ৰদান

Posted by: মিণ্টু দাস January 18, 2019 7:40 am
dae0366e-f514-4b63-9c5d-ef7b2c267d10

শিল্পী দিৱসত বৃহস্পতিবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত সোঁৱৰণ কৰা হয়। নগাঁও জিলা সাহিত্য সভা, সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতি আৰু মাৰোৱাৰী সন্মিলনৰ উদ্যোগত নগাঁও চহৰৰ ঢাকাপট্টিস্থ ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিৰ কাষত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তিত পুৱা মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি ডঃ নৰেন কলিতা, কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, অসম সাহিত্য সভাৰ সম্পাদক যতীন্দ্ৰ নাথ সুত, নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰা, মাৰোৱাৰী সন্মিলনৰ নগাঁও শাখাৰ সভাপতি পৱন কুমাৰ গাৰোডিয়া আদি বিশিষ্ট লোকসকলে৷

শিল্পী দিৱস উপলক্ষে  অনুষ্ঠিত অনুষ্ঠানত  ডঃ নৰেন কলিতা, বিধায়ক ৰূপক শৰ্মাকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে। নগাঁও জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিয়ে পৰিবেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাটাও জ্যোতিসংগীত পৰিবেশন কৰা হয়।

ইপিনে, শংকৰজ্যোতি সাহিত্য সভা, অৰুণোদই সাংস্কৃতিক সমাজৰ উদ্যোগত  মাজৰআটি গাঁৱত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। পুৱা সমূহীয়া চাফাই অভিযানৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে গোপেশ্বৰ বৰা আৰু পূৰ্ণদা বৰাই। দিনৰ ১০ বজাৰ পৰা জ্যোতি সংগীত আবৃত্তি প্ৰতিযোগীতা অনুষ্ঠিত হয়।

আনহাতে, আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি শিক্ষাবিদ দেবেশ্বৰ গোস্বামীয়ে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী প্ৰগতিশীল চিন্তা নায়ক আছিল। তেওঁ অসমৰ সাংস্কৃতিক পথাৰখন জীপাল কৰি থৈ গৈছে। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিক শক্তিশালী কৰিবলৈ নৱপ্ৰজন্মক গোস্বামীয়ে আহ্বান জনায়।

সভাত অসম সাহিত্য সভাৰ সম্পাদক যতীন্দ্ৰ নাথ সুতকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।  অনুষ্ঠানত স্থানীয় শিল্পী ঘনকান্ত বৰুৱা, আদিৰাম বৰা আৰু নৰেন বৰাক আদৰণি জনোৱা হয়। সভাতেই শিল্পী গুণ শইকীয়া, প্ৰতিভা দেবী, অনিমা শৰ্মা বৰুৱা আৰু গম্ভীৰ নাথ আদিয়ে গীত পৰিৱেশন কৰে।

আনহাতে, এই অনুষ্ঠানকেইটাই প্ৰতি বছৰে আগবঢ়োৱা শিল্পী বঁ‌টা এইবাৰ নটসূৰ্য বঁ‌টা বিজেতা তথা প্ৰবীন নাট্যশিল্পী জ্ঞানদা বৰালৈ আগবঢ়োৱা হয়। ইয়াৰ উপৰি সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে জ্যোতিপ্ৰসাদৰ জন্মদিন উদযাপন কৰে।