NORTHEAST NOW (Assamese)
অসম

মানুহে মানুহৰ বাবে : বহি:ৰাজ্যৰ মানসিক বিকাৰগ্ৰস্ত যুৱতীক উদ্ধাৰ আইন সেৱা প্ৰাধিকাৰীৰ

Posted by: মিণ্টু দাস January 19, 2019 12:02 pm
36fd9f1a-0d7f-43a9-b5ed-7625aedda4a0

নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে সমাজৰ দুখীয়া নিচলা, মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰা কাম সমূহৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছে। শুকুৰবাৰে নগাওঁ চহৰৰ সদাব্যস্ত পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ন্যায়াধীশ তথা সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশত যোৱা এটি সজাতি দলে মানসিক বিকাৰগ্ৰস্ত এগৰাকী বহিঃৰাজ্যৰ যুৱতীক উদ্ধাৰ কৰে।

জানিব পৰা মতে, ৯৫ শতাংশ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীয়ে প্ৰায় কেইদিনমানৰ পৰা নগাঁৱৰ পানীগাঁও অঞ্চলত অশান্তি সৃষ্টি কৰি আছিল। শুকুৰবাৰে একাংশ সচেতন লোকে প্ৰথমে স্থানীয় আৰক্ষীক তথা ইটাচালি আৰক্ষী থানাত খৱৰ দিয়াৰ পাছত আৰক্ষীয়ে নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীক খৱৰ দিয়ে।

ইয়াৰ পাছতে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিজাববীয়াকৈ লোৱা প্ৰচেষ্টাত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, সজাতি দলটিত নগাঁৱৰ ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্দ্ধ আইনী সহায়ক দিপেন শইকীয়া, পাপুমনি বৰা, বিতুপন কোঁৱৰ আদি আছিল।

ইপিনে, নগাঁৱৰ ইটাচালি আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় লাভ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে।