NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ৱেষ্ট ছিকিমৰ ডেণ্টামত প্ৰথম নৰ্থইষ্ট য়ুথ ফেষ্টিভেল-২০১৯ উদ্বোধন মুখ্য মন্ত্ৰী পৱন চামলিঙৰ

Posted by: সাগৰ ছেত্ৰী Updated by: সাগৰ ছেত্ৰী January 21, 2019 9:43 pm
IMG-20190121-WA0038

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙে ৱেষ্ট ছিকিমৰ ডেণ্টামত প্ৰথম নৰ্থইষ্ট য়ুথ ফেষ্টিভেল-২০১৯ উদ্বোধন কৰে।  এই ৩ দিনীয়া যুৱ মহোৎসৱৰ আয়োজন কৰিছে ছিকিম চৰকাৰৰ ষ্টে’ট য়ুথ ডেভেলপমেণ্ট বৰ্ডে। এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে  অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু আয়োজক ছিকিমে।

উদ্বোধনী অনুষ্ঠানত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ছিকিম ‘ষ্টে’ট য়ুথ পলিচি বুক’ আৰু ‘টেলছ অব ট্ৰেন্সফৰ্মেশ্যন : এ কমপাইলেশ্যন অব আৰ্টিকলছ বাই এইচ্চচিএমএমএছএছ হিচিপেণ্টছ’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে।

ভাষণত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে যুৱসমাজক বৰ্তমানৰ প্ৰযুক্তিৰ বিষয়ত সদায় নতুন হৈ থাকি সাম্প্ৰতিক সময়ে প্ৰদান কৰা হিত আৰু সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু উল্লেখ কৰে যে এনেধৰণৰ অনুষ্ঠানে উঃ পূৱৰ  যুৱসমাজর মাজত সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰিব।

যুৱচামে যাতে জীৱনৰ দৌৰত কঠোৰ পৰিশ্ৰমেৰে কৰি যাব পাৰে তাৰ বাবে মুখ্য মন্ত্ৰীগৰাকীয়ে যুৱচামক আশা নেহেৰুৱাবলৈ আৰু ভাতৃত্ববোধক সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ যুৱ মহোৎসৱৰ সকলো অংশগ্ৰহণকাৰীলৈ নিজৰ শুভেচ্ছা জনায়।