NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগৰ বিজেপি নেতাৰ বক্তৃতানুষ্ঠানক কেন্দ্ৰ কৰি কটনত উত্তেজনা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 22, 2019 6:44 am
cotton college.docx photo

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে কটন বিশ্ববিদ্যালয়ৰ চৌহদত পশ্চিমবংগৰ বিজেপি নেতাৰ আগমনক কেন্দ্ৰ কৰি সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। বিজেপি নেতাৰ পৰিচয় মচিহে বক্তৃতা প্ৰদান কৰিবলগীয়া হ’ল পশ্চিমবংগৰ বিজেপিৰ উপসভাপতি চন্দ্ৰ কুমাৰ বসুৱে।

দেওবাৰে সন্ধিয়া কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত ব্যতিক্ৰম মাছড’ নামৰ সংগঠন এটাই অনুষ্ঠিত কৰা এক অনুষ্ঠানত সংঘটিত হয় এই ঘটনা।

উল্লেখ্য যে, সংগঠনটোৱে নেতাজী দিৱৱসৰ লগত সংগতি ৰাখি ‘ভাৰত নৱনিৰ্মাণ কে লিয়ে নয়ী সোচ’ শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰিছিল। এই অনুষ্ঠানতেই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল বিজেপি নেতা তথা নেতাজী সুভাসচন্দ্ৰ বসুৰ সম্পৰ্কীয় চন্দ্ৰ কুমাৰ বসু।

পিচে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত বিশ্ববিদ্যালয়খনৰ চৌহদত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ থকাৰ পাছতো ব্যতিক্ৰম মাচড’ই পশ্চিমবংগৰ বিজেপি নেতা জনক আমন্ত্ৰণ কৰাত ক্ষুব্ধ হৈ পৰে কটনৰ ছাত্ৰ-ছাত্ৰীসকল।

ছাত্ৰ-ছাত্ৰী সকলে অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত এক উত্তেজনাপূৰ্ন পৰিস্থিতিৰ সৃষ্টি হয়।

অৱশেষত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি অনুষ্ঠানটোৰ আয়োজকে ক্ষমা খুজিবলৈ বাধ্য হয়। লগতে অনুষ্ঠানৰ বাবে অৰা বেনাৰ-হৰ্ডিঙত থকা চন্দ্ৰ কুমাৰ বসুৰ বিজেপি নেতাৰ পৰিচয় মচি দিয়ে।

ইয়াৰ পাছত কেৱল নেতাজীৰ সম্পৰ্কীয় আৰু এজন সমাজকৰ্মী হিচাপেহে তেওঁক বক্তৃতা প্ৰদান কৰাৰ অনুমতি দিয়ে কটনৰ ছাত্ৰ সমাজে। কটনৰ ছাত্ৰ-ছাত্ৰীসকলে বিজেপি সম্পৰ্কীয় কোনো কথাই ভাষণত নকবলৈ বক্তা চন্দ্ৰ কুমাৰ বসুক বাধ্য কৰায়।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও প্ৰতিবাদ অব্যহত ৰাখিছে।