NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ কৃষ্ণাইত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিমাৰ্ণত ব্যাপক দুৰ্নীতি

Posted by: নীলমণি শৰ্মা January 24, 2019 7:27 am
Pradhanmantri Gram Sadak Yojona

গোৱালপাৰা জিলাত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিমাৰ্ণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ জিলাখনৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তগৰ্ত ভীমাজুলীৰ পৰা গোৱালপাৰীয়া গাঁৱলৈ যোৱা পথছোৱা নিৰ্মাণত ব্যাপক ভাবে অনিয়ম সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

গড়কাপ্তানী বিভাগৰ দুধনৈ উপ সংমণ্ডলৰ অধিনস্থ এই পকী পথছোৱা নিৰ্মাণৰ বাবে আৱন্টন দিছিল ৯০ লাখৰো অধিক টকা। কিন্তু বিভাগীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই ঠিকাদাৰে নিজ ইচ্ছা মতে পথ নিৰ্মাণৰ কাম কৰি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ আঁৰত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া জৰিত আছে।

উল্লেখ্য যে পথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক অনিয়মৰ কথা স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগৰ দুধনৈ উপ সংমণ্ডলত জনাইছিল যদিও বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইফালে ঠিকাদাৰে কৰ্তৃপক্ষৰ নিৰ্দেশ অমান্য কৰি নিম্নমানৰ শিল-বালিৰে পথ নিৰ্মাণ কাম অব্যাহত ৰাখিছে। সেয়ে পকীকৰণৰ পাছতেই এতিয়া চপৰা চপৰে খহিছে পথছোৱা।

বিভাগীয় সকলো নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই  এক প্ৰকাৰ গাৰ জোৰেৰে পথ নিৰ্মাণৰ কাম চলাই গৈছে। ৰাইজে অভিযোগ কৰি অহাৰ পিছতো গড়কাপ্তানী বিভাগ অথবা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জিলাখনত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ এতিয়া ঠিকাদাৰৰ ধনঘটা আহিললৈ ৰূপান্তৰিত হৈছো।