NORTHEAST NOW (Assamese)
অসম

৫ দিনত ভৰি দিলে মৰাণ ছাত্ৰ সন্থাৰ অৰ্থনৈতিক অৱৰোধে; আজি মুখ্য মন্ত্ৰীৰে বৈঠক

Posted by: এন ই নাও নিউজ January 24, 2019 9:59 am
MoranStudents;Union

২০ জানুৱাৰিৰ পৰা অৰ্থনৈতিক অৱৰোধত নমা সদৌ মৰাণ ছাত্ৰ সন্থাই আজি মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে আলোচনাত বহিব।

মুখ্য মন্ত্ৰীয়ে আলোচনাত ইতিবাচক সঁহাৰি দিলেহে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হ’ব বুলি সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মৰাণ জনগোষ্ঠীৰ অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বাতিল আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।

আনহাতে, সংগঠনটোৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত অইল ইণ্ডিয়াৰ তথা ভাৰতীয় তেল নিগম আৰু ক’ল ইণ্ডিয়াৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰিছে। ইয়াৰ উপৰি তিনিচুকিয়া জিলাত কেইবাখনো মালবাহী ৰে’লকে ধৰি কয়লা, তেল, কাঠ আদি কঢ়িওৱা শ শ ট্ৰাক আৱদ্ধ হৈ আছে।

জানিব পৰা মতে অৱৰোধৰ ফলত জিলাখনত ইন্ধন আৰু ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে। অৱশ্যে ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে তিনিচুকীয়াৰ বৰগুৰিৰ লগতে ডুমডুমা আৰু ডিগবৈত মুঠ ৩টা পে’ট্ৰল ডিপোক অৱৰোধ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া বুলি সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে জানিবলৈ দিছে।