NORTHEAST NOW (Assamese)
অসম

ভোজপুৰী সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে কল্পনা পাটোৱাৰীলৈ বিশেষ সন্মান

Posted by: এন ই নাও নিউজ January 26, 2019 8:24 am
k-3-750x375

ভোজপুৰী আৰু ভিখাৰী ঠাকুৰ লোকসংগীতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে  অসমৰ গায়িকা কল্পনা পাটোৱাৰীলৈ আগবঢ়োৱা হৈছে সন্মান। ভোজপুৰী সংগীতৰ ৰাণীগৰাকীক বঁটাটো প্ৰদান কৰে ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী ৰঘূবৰ দাস আৰু বাগ ফিল্মছ এণ্ড মেডিয়া লিমিটেডৰ (BAG Films and Media Limited) স্বত্বাধিকাৰী অনুৰাধা শুক্লাই। বাগ ফিল্মছ এণ্ড মেডিয়া লিমিটেড হৈছে প্ৰতিষ্ঠিত মেডিয়া কোম্পানী। এই কোম্পানী নিউজ-২৪ এণ্ড ই-২৪ৰ গৰাকী।

বৰপেটা জিলাৰ সৰভোগৰ বাসিন্দা এই সংগীত শিল্পীগৰাকীয়ে ভালেমান জনপ্ৰিয় ভোজপুৰী সংগীত পৰিৱেশন কৰিছে। কল্পনা পাটোৱাৰীয়ে ভোজপুৰী শ্বে’কছপীয়াৰ হিচাপে খ্যাত গীতিকাৰ আৰু গায়ক ভিখাৰী ঠাকুৰৰ কৰ্মৰাজীৰ ওপৰত যথেষ্ট কাম কৰিছে।

তেওঁৰ দেউতাক বিপিন পাটোৱাৰীয়ে কল্পনাক কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। উল্লেখ্য যে ২০০৮ চনত এনডিটিভি ইমাজিনত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটী শ্ব’ ‘জুনুন-কুছ কৰ দিখানে কা’ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল।