NORTHEAST NOW (Assamese)
অসম

সদনত বিধেয়ক বাতিলৰ দাবীত বিৰোধীৰ প্ৰতিবাদ; প্ৰতিবাদকাৰীক কটাক্ষ কৰি শিলাদিত্যৰ বিস্ফোৰণ

Posted by: এন ই নাও নিউজ January 28, 2019 12:32 pm

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিৱেশন। অধিৱেশনৰ আজি প্ৰথম দিনটোতে ৰাজ্যপালে ভাষণ দি থকাৰ মাজতে বিৰোধী সকলে প্ৰতিবাদ আৰম্ভ কৰে।  যাৰ বাবে ৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখিব লগীয়া হয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাতে হাতে প্লে’-কাৰ্ড লৈ কান্ধত গামোচা লৈ বিৰোধী দলৰ সদস্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ‘জয় আই অসম ধ্বনি’ৰে বিৰোধী দলৰ সদস্য সকলে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে। যাৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে আধাতে নিজৰ ভাষণ সামৰিব লগীয়া হয়।

সদনৰ বাহিৰতো অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে হোজাইৰ বিধায়ক শিলাদিত্যই সদনৰ প্ৰথম দিনটোতে প্ৰতিবাদ কৰাসকলক কটাক্ষ কৰি কয় যে, ‘ডিঙিত গামোচা, মুখত অসমীয়া কিন্তু সত্ৰৰ মাটি বেদখল, অসমীয়া নাৰীক বলাৎকাৰ। গতিকে এইসকল কি প্ৰকাৰৰ অসমীয়া?’