NORTHEAST NOW (Assamese)
অসম

মাজুলীত পৰিষদীয় নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা : গণশক্তিয়ে উৰুৱালে বিজয়ধ্বজা

Posted by: মিটু খাটনিয়াৰ January 28, 2019 2:17 pm
Screenshot_20190128-134706_Video Player

সদ্য সমাপ্ত পৰিষদীয় নিৰ্বাচনৰ ফলাফলত মাজুলীত বিজেপিয়ে মুখ থেকেচা খাব লগীয়া হৈছে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মাজুলীৰ তিনিটা সমষ্টিৰ ভিতৰত দুটাত সন্মিলিত গণশক্তিয়ে দখল কৰাৰ বিপৰীতে আনখন আসনত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হৈছে।

উল্লেখ্য যে,মাজুলীৰ তিনিখন আসনৰ বাবে মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। চাংগা সমষ্টিত গণশক্তি দলৰ নীলকান্ত দলে, ফুলনি জকাইবোৱা সমষ্টিত মিত্ৰজোঁট গণশক্তিৰ ত্ৰৈলোক্য পামেগাম আৰু ৰাদাং ৰিক্কং সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী তথা গণশক্তিৰ সমৰ্থিত উমা পাঠৰি জয়ী হৈছে।

ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সমষ্টিতেই বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত মুখ থেকেচা খোৱা কথাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চাংগা আৰু ৰাদাং ৰিক্কং সমষ্টিত বিজেপি দলে নিজাকৈ প্ৰাৰ্থী অৱতীৰ্ণ কৰাইছিল যদিও দুয়োটা সমষ্টিতে পৰাজয় বৰণ কৰে।