NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত অগপৰ বিশাল প্ৰতিবাদী সমদল

Posted by: পাৰ্শ্বজ্যোতি গগৈ January 30, 2019 8:43 pm

নাগৰিকত্ব সংশোংধনী বিধেয়ক, ২০১৬ বিৰুদ্ধে অসমজুৰি চৌদিশে উত্তাল প্ৰতিবাদ চলি থকাৰ সময়তে আজি শিৱসাগৰত অগপই এক প্ৰতিবাদী সমদল বাহিৰ কৰে। অগপৰ হস্পিটেল ৰোডত থকা  শিৱসাগৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰে। আৰু এই প্ৰতিবাদী সমদলত অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেইবা শতাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

নগৰৰ মাজেৰে সমদল কৰি আহি প্ৰতিবাদকাৰী সকলে দ’লমুখ চাৰিআলিত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে মানৱ শৃংখল কৰি দ’লমুখ চাৰিআলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। ‘সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মু্ৰ্দাবাদ, নৰেন্দ্ৰ মোদী গ’ বেক, এজিপি জিন্দাবাদ, বিজেপি হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ আদি শ্লগানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।

অগপৰ এই প্ৰতিবাদী সমদলত দলটোৰ কেন্দ্ৰীয় উপ-সভাপতি ৰূপম কাকতি, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কোঁৱৰ, পৰিক্ষিত বৰুৱা, শিৱসাগৰ জিলা সম্পাদকদ্বয় ক্ৰমে ঘন গগৈ আৰু কুশল দত্ত, যুৱ পৰিষদৰ সভাপতি নিত্যানন্দ কলিতা, সম্পাদক পৰাগ বুঢ়াগোহাঁইকে ধৰি প্ৰায় পাঁচ শতাধিক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।