NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ সাপজুৰিত বিশ্ব জলাশয় দিৱস পালন

Posted by: উত্তম শইকীয়া February 2, 2019 6:36 pm
Bokakhat

বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে বোকাখাতৰ সাপজুৰিত থকা ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়তো আজি বিশ্ব জলাশয় দিৱস পালন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, বিশ্ব প্ৰকৃতি নিধি আৰু আৰণ্যৰ উদ্যোগত আয়োজিত উক্ত কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া ডা০ কল্যান দাস বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাকে ধৰি বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপক থাপাই সকলোকে অনুষ্ঠানলৈ আদৰণী জনায়।

ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত মহকুমাধিপতি বিবেক শ্যামে বন আৰু প্ৰকৃতিৰ লগতে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ সকলোকে আহ্বান জনায়।

অনুষ্ঠানত আৰক্ষী বিষয়া ডা০ কল্যান দাস আৰু জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতায়ো ভাষণ প্ৰদান কৰে। তদুপৰি বিশ্ব জলাশয় দিৱসৰ ওপৰত আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইনে সচিত্ৰ উপস্থাপনেৰে বক্তব্য দাঙি ধৰে।

দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতাৰো আয়েজন কৰাৰ লগতে কুইজত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক পুস্তিকাৰ টোপোলাৰে পুৰস্কৃত কৰা হয়।