NORTHEAST NOW (Assamese)
অসম

ৰেকা পাহাৰত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ মিনি ট্ৰাক জব্দ

Posted by: বিদ্যুত জ্যোতি বৰা February 3, 2019 6:41 am
chamaguri wooden truck.photo

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উত্তৰ ডিজু সংৰক্ষিত এলেকাৰ অন্তৰ্গত ৰেকা পাহাৰত শনিবাৰে বন বিভাগে অভিযান চলাই চোৰাংকাঠসহ এখন টাটা মোবাইল গাড়ী জব্দ কৰে।

জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত শালনা বন বিভাগৰ এটি বনৰক্ষীৰ দলে অভিযান চলাই এ এছ ১২ এ চি  ৩৯৫৫ নম্বৰৰ এখন টাটা মোবাইল গাড়ীসহ মুল্যবান চোৰাং কাঠৰ এঘাৰতা কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় যদিও সুযোগ বুজি গাড়ীখনৰ চালকসহ কাঠৰ চোৰাং ব্যৱসায়ী পলাই সাৰে।

বন বিভাগে জব্দ কৰা চেগুন আৰু লালি পমা কাঠৰ কুণ্ডা কেইটাৰ মূল্য প্ৰায় অৰ্ধ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। আনহাতে, বত্তৰ্মান চোৰাং কাঠসহ গাড়ীখন শালনা ৰেঞ্জত ৰাখিছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

নগাঁও জিলাৰ অন্তৰ্গত বনাঞ্চলসমূহৰ পৰা এইদৰে চোৰাং কাঠৰ ব্যৱসায় চলি থকাৰ কথা বহুদিনৰ পৰা প্ৰকাশ পাইছে আহিছে যদিও ইয়াক ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।