NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত বৃহৎ পৰিমানৰ বিস্ফোৰক উদ্ধাৰ

Posted by: এন ই নাও নিউজ February 4, 2019 11:08 am
railway-1-750x375

অহা ৯ ফেব্ৰুৱাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত সোমবাৰে পুৱা ৫-৪৫ বজাত গৱৰ্ণমেন্ট ৰে’লৱে পুলিচ (জিআৰপি)ৰ এটি দলে গুৱাহাটী ৰে’ল ষ্টেশ্যনত বৃহৎ পৰিমানৰ বিস্ফোৰক উদ্ধাৰ কৰে।

গোপন সূত্ৰ পম খেদি জিআৰপিৰ দলটোৱে ২২ পেকেট ৪৪০ জিলেটিন, ৭ টা বাণ্ডিলত থকা প্ৰায় ৭০০ ডিটেনেটৰছ আৰু ৩ টা বাণ্ডিল ফিউজ ওৱেৰ উদ্ধাৰ কৰে।

railway-225x300
ফটো : নৰ্থইষ্ট নাও

জানিব পৰা মতে, জিআৰপিৰ দলটোৱে গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ তিনি নম্বৰ প্লেটফৰ্মৰ পৰা বিস্ফোৰকখিনি উদ্ধাৰ কৰে। জিআৰপিৰ বিষয়াসকলে তিনি নম্বৰ প্লেটফৰ্মত উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে’লখন ৰখি থকাৰ সময়তে পৰিত্যক্ত অৱস্থাত বিস্ফোৰক থকা তিনিটা বেগ উদ্ধাৰ কৰে।

আনহাতে, সোমবাৰে ৰাতিপুৱা জাগীৰোডৰ পৰাও কিছু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, একেইখন উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ এটা ডবাৰ শৌচাগাৰৰ ওচৰৰ পৰা জাগীৰোডৰ ৰে’ল আৰক্ষীয়ে বিস্ফোৰক থকা এটা বেগ উদ্ধাৰ কৰে।

ৰে’ল আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে বেগটোত ৮ টা পেকেটত ১৬০ টুকুৰা জিলেটিন ষ্টিক আৰু ৫ টা পেকেটত ৫০০ টুকুৰা ডিটেনেটৰ আছিল।

জিআৰপিয়ে উদ্ধাৰ কৰা সকলোখিনি বিস্ফোৰক জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।