NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ লোকসভা সমষ্টিৰ তিনিজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

Posted by: ৰিনয় বসুমতাৰী April 5, 2019 8:32 pm
Election Commission

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সময় আছিল ৪ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰ। আজি প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াসকলৰ দ্বাৰা পুনৰীক্ষণ কৰা হয়। পুনৰীক্ষণত কোকৰাঝাৰ সমষ্টিৰ তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়।

মনোনয়ন বাতিল হোৱা প্ৰাৰ্থী তিনিগৰাকী হ’ল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কমলাকান্ত দৈমাৰী, নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰীৰ লগতে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী পৰেশ বড়ো।

জানিব পৰা মতে উক্ত তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়া নাছিল। সেয়ে তিনিওগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা বুলি বিভাগীয় কৰ্তৃপক্ষই জনায়।

উল্লেখযোগ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ১২ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে তিনিজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাৰ পাছত ৯ জন প্ৰাৰ্থীৰ মনোনয়ন গৃহীত কৰিছে ৰিটাৰ্ণিং বিষয়াই।

মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থীসকল হ’ল ক্ৰমে, কংগ্ৰেছৰ শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, চি পি আই(এম)ৰ বিৰাজ ডেকা, ভোটাৰ্চ পাৰ্টি নেশ্যনেলৰ ৰাজেশ নাৰ্জাৰী, পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ চৰণ ইশ্বৰী, বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয় ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ লগতে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৈছে প্ৰসেনজিৎ কুমাৰ দাস।

উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটাৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল। অসমত তৃতীয় পৰ্যায়ত অহা ২৩ এপ্ৰিলত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।