NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ পাঠশালাত বিশ্ব কৰ্কট দিৱস পালন

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ February 4, 2019 9:42 pm
world cancer day

আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় বিশ্ব কৰ্কট দিৱস । ইণ্ডিয়ান ডেণ্টেল ক্লিনিক এছ’চিয়েশ্যনৰ অসম ৰাজ্যিক শাখাই আজি পাঠশালাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে এই দিৱস।

কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে এই ৰোগ চিনাক্তকৰণক লৈ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা আজিৰ দিৱসত অংশ লৈ ডাঃ ৰূপম চৌধুৰীয়ে মুখৰ কৰ্কট ৰোগৰ ভয়াবহতা তথা ইয়াৰ প্ৰতিৰোধ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়।

ইফালে প্ৰসিদ্ধ চিকিৎসক ধনজিৎ দাসে উপস্থিত লোকসকলৰ সৈতে স্তন কেন্সাৰৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। এই কাৰ্যসূচীতে সৰজু দাস নামৰ এগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়।

বিশ্ব কৰ্কট দিৱসৰ এই কাৰ্যসূচীত ধলা-শদিয়া দলঙলৈ চাইকেলেৰে যাত্ৰা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কৌশিক পাটগিৰি, পাঠশালা চাইক্লিং ক্লাবৰ হৈ নিতুল তহবিলদাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বহু লোকে অংশগ্ৰহণ কৰে।