NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দিয়া অগপৰ বিজয়ী কাউন্সিলৰৰ প্ৰতিনিধিত্ব বাতিল কৰাৰ দাবী

Posted by: মৃদুল প্ৰীতম ডেকা February 6, 2019 11:09 am
AGP candidate.Fake Certificate

অলপতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দিয়া বুলি অভিযোগ উঠিছে হাজো সমষ্টিৰ বৰ্ণি পঞ্চায়তৰ এগৰাকী আঞ্চলিক সদস্যাৰ বিৰুদ্ধে। দুই-এদিনৰ পিছতে পঞ্চায়তটোৰ প্ৰতিনিধিসকলে শপত লোৱাৰ প্ৰাকক্ষণত এই অভিযোগে খেলিমেলি সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

মেট্ৰিক পাছ কৰা বুলি দেখুৱাই ৰাজ্যিক নিৰ্বাচন আয়োগত প্ৰমাণপত্ৰ দাখিল কৰিছিল অগপৰ আৰ্জুমা বেগমে। কিন্তু কথাটোত সন্দেহ হোৱাত স্থানীয় এজন লোকে আৰ টি আই আৱেদন কৰে। তাৰ পিছতে ওলাই পৰে উৰহী গছৰ ওৰ।

নলবাৰীৰ কনক চন্দ্ৰ গোস্বামী আৰ্য্য বিদ্যাপীঠ নামৰ এখন বিদ্যালয়ৰ প্ৰমাণপত্ৰ দিয়া বুলি জানিব পাৰি উক্ত বিদ্যালয়খনলৈ যায় স্থানীয় কেইজনমান লোক আৰু তেতিয়া প্ৰধান আচাৰ্য্যই কয় যে পাছ কৰাতো বাদেই, তেওঁলোকৰ তাত তেনেকুৱা নামৰ কোনেও অধ্যয়নেই কৰা নাছিল বুলি জানিবলৈ দিয়ে।

ভুৱা নথি দিয়াৰ কথা ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে স্থানীয় লোকসকলে প্ৰাৰ্থীগৰাকীৰ প্ৰতিনিধিত্ব বাতিল কৰাৰ দাবীত প্ৰতিবাদ কৰে। আৰ্জুমা বেগমৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে দ্বিতীয় স্থানত থকা প্ৰাৰ্থীগৰাকীক বিজয়ী ঘোষণা কৰাৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে।

যিগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে নিজৰ প্ৰমাণপত্ৰখনকে জাল কৰিব পাৰে সেইগৰাকী প্ৰতিনিধিয়ে কিদৰে ৰাইজৰ উন্নয়ন কৰিব বুলি প্ৰশ্ন কৰিছে স্থানীয় লোকসকলে। ভুৱা নথি দি নিৰ্বাচন আয়োগক বিপথে পৰিচালিত কৰা বাবে আৰ্জুমা বেগমক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰিছে ৰাইজে।