NORTHEAST NOW (Assamese)
অসম

Video|| ক’লা পতাকাৰে নৰেন্দ্ৰ মোদীক আদৰণি গুৱাহাটীত

Posted by: এন ই নাও নিউজ February 8, 2019 7:30 pm
black flag welcomes pm modi in guwahati

ক’লা পতাকাৰ আদৰণিৰ মাজত শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

বিমান বন্দৰৰ পৰা ৰাজ ভৱনলৈকে যাত্ৰাপথত বাটে বাটে আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুঁজাৰু আদি সংগঠনৰ নাগৰিকত্ব বিধেয়কবিৰোধী ক’লা পতাকাৰ সন্মুখীন হয় প্ৰধান মন্ত্ৰীগৰাকী।

প্ৰধান মন্ত্ৰীগৰাকীৰ কনভয়ৰ আগমণৰ লগে লগে উত্তাল হৈ উঠে ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয় লতাশিলৰ ছহিদ ন্যাস। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথসহ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে কাৰ্য্যালয় চৌহদতে আবদ্ধ কৰি ৰাখে যদিও বিক্ষুব্ধ প্ৰতিবাদীৰ ক’লা পতাকাৰ হাত সাৰিবলৈ সক্ষম নহ’ল প্ৰধান মন্ত্ৰী।

আছুৰ প্ৰতিবাদীক আবদ্ধ কৰি ৰখাৰ বিপৰীতে বিজেপিৰ কিছুসংখ্যক সমৰ্থকক পথত দলীয় পতাকাৰে মোদীক আদৰণি জনোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে। আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্য্যই বিজেপি চৰকাৰে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি খিলঞ্জীয়াৰ প্ৰতিবাদক দমন কৰিব খোজা বুলি সোচ্চাৰ হৈ উঠে।

“তেওঁলোকৰ ক্ষমতা আছে। প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে। কিন্তু খিলঞ্জীয়াৰ ওপৰত এই দমন উফৰি যাব। এইখন অসম আমাৰ,” সংবাদ মাধ্যমত মন্তব্য ভট্টাচাৰ্য্যৰ।

লগতে পঢ়ক– Video|| চিতি বাছেৰে অগপৰ বিশাল জোঁৰ প্ৰতিবাদ ঢাকি মোদীক লৈ গ’ল স্মাৰ্ট পুলিচে

জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত মোদীক ক’লা পতাকা দেখুৱায় আছুৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থকে। ছাত্ৰ-ছাত্ৰীসকলে মোদীৰ প্ৰতিকৃতিও দাহ কৰে।