NORTHEAST NOW (Assamese)
অসম

আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াব লাগিব : হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ February 10, 2019 9:31 am
Dy-LRTNX4AIiB39

অসমৰ জাতীয় সংগঠন আছু, সাহিত্য সভা আৰু অগপৰ সমালোচনাত মুখৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন অসমৰ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আছুক লক্ষ্য কৰি প্ৰথমবাৰৰ বাবে আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰী গৰাকী।

জি এম চি এইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ ‘বিজয় লক্ষ্য ২০১৯ত বক্তৱ্য ৰাখি শনিবাৰে মন্ত্ৰী শৰ্মাই আছুক উদ্দ্যেশি কিছু বিস্ফোৰক মন্তব্য কৰে।

তেওঁ কয়, ‘’আছুৰ আভ্যন্তৰীণ পৰিৱেশ সলনি হৈছে। আছুৱে পূৰ্বৰ গৰিমা হেৰুৱাইছে। আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াই দিব লাগিব। আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ।‘’

আছুৰ গুৱাহাটীকে ধৰি বিভিন্ন জিলাৰ সভাপতি-সম্পাদকসকলৰ প্ৰতি লক্ষ্য কৰি মন্ত্ৰী শৰ্মাই আছু আৰু অগপই সন্দেহযুক্ত নাগৰিকৰ কাষত থিয় দিয়াৰ অভিযোগ তোলে। তদুপৰি, মন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱা লোকৰে আছুৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ সম্পৰ্ক আছে বুলিও বিস্ফোৰক মন্তব্য কৰে।

অসম সাহিত্য সভাকো সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই সভাত ন-অসমীয়া সোমোৱা বুলি কটাক্ষ কৰে। তেওঁ কয় যে আছু আৰু অসম সাহিত্য সভা এতিয়া বংগীয় মূলৰ লোকৰ হাতলৈ গৈছে। মন্ত্ৰী শৰ্মাই আগন্তুক তিনিমাহৰ বাবে যুঁজ দিবলৈ বিজেপি সাজু থকাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে।

উল্লেখযোগ্য যে ‘বিজয় লক্ষ্য ২০১৯’ত অংশগ্ৰহণৰ বাবে অহা ১৭ ফেব্ৰুৱাৰিত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। মন্ত্ৰী শৰ্মাই উক্ত অনুষ্ঠানৰ প্ৰস্তুতিৰ অংশ হিচাপে বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলৰ এখন বৈঠকত অংশ লয়।