NORTHEAST NOW (Assamese)
অসম

৬০ বছৰীয়া বৃদ্ধাক বলাৎকাৰ কৰি ভাঙিলে হাত, লুটি নিলে গৰু বিক্ৰী কৰি অনা ১০ হাজাৰ টকা

Posted by: কাজি জেইদুল ইছলাম February 13, 2019 5:58 pm

৭ ফেব্ৰুৱাৰিতে বিশ্বনাথত সংঘটিত এক জঘন্য বলাৎকাৰৰ ঘটনা আজি পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশাৰ আন্ধাৰত বাগিচাৰ মাজত কোনো নৰপিশাচৰ কামনাৰ বলি হ’ল এগৰাকী ৬০ বছৰীয়া বৃদ্ধা। নৰপিশাচে বৃদ্ধা গৰাকীক কেৱল বলাৎকাৰ কৰিয়ে ক্ষান্ত নাথাকি বৃদ্ধাগৰাকীৰ দুখন হাত ভাঙি পেলোৱাৰ লগতে নিজ পুত্ৰৰ চিকিৎসাৰ বাবে গৰু বিক্ৰী কৰি অনা নগদ ১০ হাজাৰ টকাও লৈ যায়।

ঘটনাৰ বিৱৰণী মতে মাজুলীগড় চাহ বাগিচাৰ ভুক্তভোগী মহিলা গৰাকীৰ নিজ পুত্ৰ যোৱা কেইবাদিন ধৰি ৰোগত আক্ৰান্ত হৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। ইফালে নিজ পুত্ৰৰ চিকিৎসাৰ বাবে বৃদ্ধা গৰাকীৰ টকাৰ প্ৰয়োজন হোৱাত ৭ ফেব্ৰুৱাৰিত মাজুলীগড় চাহ বাগিচাৰ বস্তিত গৈ নিজৰ গৰু বিক্ৰী কৰি নগদ ১০ হাজাৰ টকা লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ আহি আছিল।

কিন্তু চিকিৎসালয়লৈ উভতাৰ সময়তে নিলপুৰ চাহ বাগিচাৰ সমীপত কোনো অজ্ঞাতলোকে চিকিৎসালয়লৈ লৈ যাম বুলি ফুচুলাই চাইকেলত উঠাই নি বাগিচাৰ মাজত বলপূৰ্বক বলাৎকাৰ কৰাৰ লগতে হাত দুখন ভাঙি বৃদ্ধাগৰাকীয়ে লগত অনা ১০ হাজাৰ টকাও লৈ যায়।

পিছত বৃদ্ধা গৰাকী কোনোমতে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ চৌহদতে লগে লগে অচেতন হৈ পৰে। চিকিৎসকেও বৃদ্ধা গৰাকী পৰীক্ষা কৰাৰ পিছত বলাৎকাৰ হোৱা বুলি নিশ্চিত কৰে।

৭ ফেব্ৰুৱাৰিতে সংঘটিত এই ঘটনা আজি পোহৰলৈ অহাত বাগিচাৰ কেইজনমান সচেতনমান যুৱকে বৃদ্ধাগৰাকীৰ হৈ বিশ্বনাথ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। ইফালে বিশ্বনাথ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে এই ঘটনা বিষয়ে অৱগত হৈ চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ অতি শীঘ্ৰেক দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।