NORTHEAST NOW (Assamese)
অসম

অসমবাসীৰ পৰাজয়

Posted by: এন ই নাও নিউজ February 13, 2019 6:10 pm
One ‘tola’ Gold scheme will reduce Talaq, divorce: Himanta Biswa

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়ক গৃহীত নহ’লে সেয়া হ’ব অসমবাসীৰ পৰাজয়, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যসভাত বিধেয়কখন বুধবাৰে উত্থাপিত নোহোৱাক লৈ সমগ্ৰ উত্তৰ-পূবত চলিত চৰ্চাৰ মাজতে এই মন্তব্য কৰিছে বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰীজনে।

“মই ভাবো যে বিলখন যদি পাছ নহয় অসমবাসীৰ পৰাজয় হ’ব। ১৭টা সমষ্টি যে বাংলাদেশী মুছলমানৰ হাতলৈ গুচি যাব, তাৰ পিছত আমাৰ জাতিটোক কোনে ৰক্ষা কৰিব?” সংবাদ মাধ্যমত শৰ্মাৰ মন্তব্য।

ৰাজ্যসভাত বিজেপিৰ “সংখ্যা” নথকাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে যেতিয়াই সংখ্যাগৰিষ্ঠতা হ’ব, তেতিয়াই বিলখনক স্থায়িত্ব দিব লাগিব।

বিধেয়কে আইনৰ ৰূপ নাপালে ’২১ চনত বাংলাদেশী মুছলমানে অসম দখল কৰিব বুলি মন্তব্য কৰি বিতৰ্কিত বিধেয়কখনৰ প্ৰতি নিজৰ লগতে দলৰ “অকুণ্ঠ” সমৰ্থন আছে বুলি দোহাৰে শৰ্মাই।