NORTHEAST NOW (Assamese)
অসম

বিধেয়ক: শ্বিলঙত খাচি ছাত্ৰৰ বিজয় উল্লাসত বাঙালীক আক্ৰমণ, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ February 14, 2019 7:28 pm
Meghalaya CM orders high level inquiry into ‘victory rally’ violence of Shillong

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত উত্থাপিত নোহোৱাত খাচি ছাত্ৰ সন্থাই উলিওৱা বিজয় যাত্ৰাৰ সময়তে শ্বিলঙত মঙলবাৰে কেইবাজনো বাঙালী সম্প্ৰদায়ৰ লোক আক্ৰমণৰ বলি হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী কনৰাদ চাংমাই।

ঘটনাটোক “দুৰ্ভাগ্যজনক” আখ্যা দি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানক তদন্ত কৰিবলৈ বৃ্হস্পতিবাৰে নিৰ্দেশ দিছে মুখ্য মন্ত্ৰীয়ে।

“মই ইতিমধ্যে আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিছো আৰু সমগ্ৰ ঘটনাটোৰ যথোচিত তদন্ত কৰিবলৈ নিৰ্দেশ দিছো,” কনৰাদ চাংমাৰ মন্তব্য।

সমদলটোত যোৱা ব্যক্তিয়েই ৰিঞ্জা আৰু আৰ আৰ কলনি এলেকাত অজনজাতি লোকৰ দোকান কেইখনমানত শিলগুটি মাৰি লণ্ডভণ্ড কৰিছিল, শ্বিলঙৰ আৰক্ষী অধীক্ষক এচ এ ৰিয়াধেৰ ভাষ্য।

এই কথা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে বুলি উল্লেখ কৰি ৰিয়াধে লগতে কয় যে তদন্ত চলি আছে, কিন্তু এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাটো নিশ্চিত হোৱাৰ পিছতে মেঘালয়ৰ অতি প্ৰভাৱশালী ছাত্ৰ সংগঠনটোৱে এক বিশাল কাৰ আৰু বাইক সমদল বাহিৰ কৰিছিল।

আক্ৰমণৰ বলি হোৱা ৫জন লোকক আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।

বিজেপিবিৰোধী শ্ল’গান দিয়াৰ লগতে খাচি ছাত্ৰ সন্থাই ৰাজ্যখনৰ বিভিন্ন ঠাইত মোদী-শ্বাহ-ৰাজনাথ সিঙৰ পুত্তলিকা দাহ কৰিছিল।