NORTHEAST NOW (Assamese)
অসম

বেডমিণ্টন খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু কিশোৰৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান February 17, 2019 5:37 pm
Chanu Rabha

এখন বেডমিণ্টন প্ৰতিযোগিতাত অংশ লৈ চানু ৰাভা ওৰফে ডেভিদ নামৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰই কৰুণ মৃত্যুক আকোৱালি ল’ব লগীয়া হোৱা ঘটনাই সম্প্ৰতি ওদালগুৰি জিলাৰ টংলাত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

টংলা বেডমিণ্টন এছ’চিয়েশ্যনৰ উদ্যোগত যোৱা ১৫ ফেব্ৰুৱাৰি অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ এখন মেচত অৱতীৰ্ণ হৈছিল চানু ৰাভা। কিন্তু মেচখন চলি থকাৰ সময়তে চানু ৰাভা হঠাৎ অসুস্থ হৈ পৰে।

গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৰাভাক লগে লগে টংলা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। কিন্তু পৰিয়াল তথা চানু ৰাভাৰ সহযোগীসকলে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্চে যথোচিত গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁক পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়, কিন্তু তাতো তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে অৰুণোদয় একাডেমি স্কুল, টংলাৰ দশম শ্ৰেণীত অধ্যয়নৰত চানু ৰাভা টংলাৰ চিত্ৰনগৰ নিবাসী প্ৰয়াত বিপিন ৰাভা আৰু গুণমনি ৰাভাৰ একমাত্ৰ পুত্ৰ।

ইফালে মেচখন আৰম্ভ হোৱাৰ পূৰ্বে চানু ৰাভা শাৰিৰীকভাৱে সুস্থ নাছিল বুলি জানিবলৈ দিয়ে তেওঁৰে এগৰাকী সহখেলুৱৈয়ে। ‘মেচখনত তেওঁ ভাল প্ৰদৰ্শন কৰি আছিল। কিন্তু তেওঁ মেচখনৰ পূৰ্বে খালী পেটতে এনাৰ্জি ড্ৰিংকছ লৈছিল’। এই কথা জনায় সহ খেলুৱৈগৰাকীয়ে।