NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় কাশীধাম খ্যাত গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰ পীঠ স্থানত আজিৰ পৰা আৰম্ভ বিষ্ণু যজ্ঞ

Posted by: নীলমণি শৰ্মা February 18, 2019 8:50 pm
Kashidham

উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় কাশীধাম নামেৰে খ্যাত গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰ মহাপীঠস্থানত আজিৰ পৰা সাত দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে  বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ ৷

আজি পুৱা ১০ বজাত ধৰ্ম ধ্বজা উত্তোলনেৰে শুভাৰম্ভ হোৱা মেলা মহোৎসৱৰ আটাই কেইটা দিনতে বিশ্বশান্তিৰ কামনাৰে বিষ্ণু যজ্ঞ, শ্ৰীশ্ৰী দ্বাদশভূজাৰ পূজা, মহাবীৰ হনুমানৰ পূজা, সূৰ্য দেৱতাৰ উপাসনা, নাম-কীৰ্তন, গীতাপাঠ আদি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শ্ৰীশ্ৰী সূৰ্যপাহাৰ পীঠস্থানখনি প্ৰাচীন কীৰ্তি চিহ্ন তথা পুৰাতাত্বিক সমলেৰে উভৈনদী৷ ইতিমধ্যে এই পীঠস্থানত ৰাজ্যিক পুৰাতত্ব বিভাগে খনন কাৰ্য চলাই বহুতো প্ৰাচীন অট্টালিকা আদিৰ ভগ্নাবশেষকে ধৰি বহু ঐতিহাসিক সমল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ধৰ্মীয় বিশ্বাস অনুসৰি শ্ৰীশ্ৰী সূৰ্যপাহাৰত এক লক্ষ শিলত কটা এটা শিৱ লিংগ বিদ্যমান। সেই বাবেই এই পীঠ স্থানখনক দ্বিতীয় কাশীধাম হিচাপে গণ্য কৰা হয়।

উল্লেখ্য যে এই তীৰ্থস্থানখন হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মালম্বী লোকৰ সমূহীয়া উপাসনাস্থলী৷ যাৰ বাবে পীঠ স্থান খনলৈ দেশৰ বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম মন কৰিব লগীয়া।

ইফালে আজিৰ পৰা আৰম্ভ হ’ব লগীয়া মাঘী পূৰ্ণিমা মেলা মহোৎসৱখন অহা ২৪ ফেব্ৰুৱাৰীত সামৰণি পৰিব।