NORTHEAST NOW (Assamese)
অসম

পুলৱামা কাণ্ডৰ সমৰ্থনত ফেচবুকত ‘‘ৱেল ডান’’ লিখি আৰক্ষীৰ জিম্মাত চাহানুৰ

Posted by: এন ই নাও নিউজ February 18, 2019 10:15 pm

পুলৱামাত সংঘটিত  সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণৰ ঘটনাত চহিদ হোৱা ৪৪ চি আৰ পি এফ জোৱানৰ প্ৰতি দেশে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়াটো সকলোৱে ঘটনাটোক বৰ্বৰ আখ্যা দিয়াৰ সময়তে দেশৰ দুই এজন নাগৰিকে ছ’চিয়েল মিডিয়াত সন্ত্ৰাসবাদীৰ সপক্ষে  মন্তব্য কৰি জনৰোষৰ সন্মুখীন হ’ব লগাত পৰিছে।

অসমৰ গোৱালপাৰা জিলাৰ নবাগত শিমলিতোলা গাঁৱৰ চাহানুৰ ইছলাম (২১) নামৰ এজন যুৱকে পুলৱামাত আত্মঘাতী আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাবাদীজনে প্ৰচাৰ কৰা ভিডিঅ’টোৰ তলত গৈ চি আৰ পি এফৰ জোৱানক কৰা হত্যাক সমৰ্থন কৰি ‘’ৱেল ডান’’ বুলি কমেণ্ট কৰে।

এনে দেশদ্ৰোহী মন্তব্যৰ পাছতে দুধনৈৰ ডেভিদ বসুমতাৰী নামৰ এজন যুৱকে এই সম্পৰ্কে দুধনৈ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। ডেভিদ বসুমতাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে দুধনৈ আৰক্ষীয়ে অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ লগত সম্পৰ্ক ৰাখি দুধনৈ আৰক্ষীয়ে  ১৯/২০১৯ তাৰিখ-১৭/০২/১৯ ইউ/এচ ১২০(বি)/১৫৩/১৫৩(এ)আ পি চিৰ অধীনত যুৱকজনৰ বিপক্ষে এটা গোচৰো ৰুজু কৰিছে।

চাহানুৰ ইছলাম গোৱালপাৰা জিলাৰ নবাগত শিমলিতোলা গাঁৱৰ বাসিন্দা আলেফ আলীৰ পুত্ৰ।