NORTHEAST NOW (Assamese)
অসম

অন্তিম চাৰিত প্ৰৱেশৰ লক্ষ্যৰে আজি সৰুসজাইত পুনেৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ February 20, 2019 4:52 pm
NORTHEASTUNITEDFCjpg

প্ৰথমবাৰৰ বাবে আই এছ এলৰ প্লে-অফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে নৰ্থ-ইষ্ট য়ুনাইটেড দলে আজি পইণ্ট তালিকাৰ সপ্তম স্থানত থকা পুনে চিটিৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে আজিৰ মেচখন অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ মেচখনত নৰ্থ-ইষ্ট জয়ী হ’লে অন্তিম চাৰিত স্থান লাভ কৰাটো নিশ্চিত।

গুৱাহাটীৰ সৰুসজাইস্থিত ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া আজিৰ মেচখনত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা নৰ্থ–ইষ্ট য়ুনাইটেডে ফেভাৰিট বুলি ক্ৰীড়া বিশেষজ্ঞসকলে মন্তব্য কৰে।

উল্লেখ্য যে চলিত ছিজনত নৰ্থ-ইষ্ট য়ুনাইটেড দলে এই পৰ্যন্ত ১৬ খন মেচ খেলি ৭ খনত জয়লাভ, ৬ খনত পৰাজয় আৰু ৩ খনত ড্ৰ খেলি বৰ্তমানলৈ সংগ্ৰহ কৰিছে ২৭ পইণ্ট।

শেহতীয়া মেচখনত নৰ্থ-ইষ্টে মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ২-০ গ’লৰ ব্যৱধানত বিজয়ী হৈছিল। সেয়ে নৰ্থ-ইষ্টৰ আত্মবিশ্বাস যথেষ্ট তুংগত থকা বুলি প্ৰশিক্ষকে উল্লেখ কৰে।

ইফালে দলৰ বাবে সুখবৰ যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ক্ৰোৱেছিয়াৰ অভিজ্ঞ খেলুৱৈ মিশ্লাভ কম’ৰস্কিৰ ঠাইত কলম্বিয়াৰ চেণ্টাৰ বেক জেনেইলাৰ ৰিভাছ পেলাচিঅ’ছক দলভুক্ত কৰা হৈছে। অৱশ্যে আজিৰ মেচখনত ৰিভাছে খেলিবলৈ সুযোগ লাভ কৰে নে নাই সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।