NORTHEAST NOW (Assamese)
অসম

বৃহস্পতিবাৰে মুকলি হ’ব হোজাই-হবাইপুৰৰ মাজত দ্বৈত ৰে’লপথ

Posted by: এন ই নাও নিউজ February 20, 2019 10:27 pm
Hojai-Habaipur double railway line to be inaugurated tomorrow

বৃহস্পতিবাৰে হোজাই-হবাইপুৰৰ মাজৰ ৰে’লপথচোৱাৰ দ্বৈত পথ মুকলি কৰিব ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে।

ৰে’লপথচোৱাৰ লগতে হোজাইত হ’ব লগা অনুষ্ঠানতে হোজাই আৰু লংকাৰ নৱ নিৰ্মিত ৰে’ল ষ্টে’চনো মুকলি কৰিব মন্ত্ৰী গোহাঁয়ে। এই কথা সদৰী কৰিছে এন এফ ৰে’লৱে’ই।

দ্বৈত ৰে’লপথৰ দীৰ্ঘদিনীয়া দাবী পূৰণে যাতায়াতৰ সময় আৰু খৰচ কমাব বুলি আশা কৰা হৈছে।

মন্ত্ৰী গোহাঁই আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৬ চনৰ ১২ ছেপ্তেম্বৰত হোজাইৰ পৰা লামদিঙলৈ ৪৫ কিঃমিঃজোৰা ৰে’লপথচোৱাৰ দ্বৈতকৰণ প্ৰকল্প উদ্বোধন কৰিছিল।