NORTHEAST NOW (Assamese)
ক্ৰীড়া

কাইলৈ লাজং এফ চি নামিব শীৰ্ষস্থানৰ মিনাৰ্ভাৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ January 13, 2018 9:34 pm

কাইলৈ আই লীগৰ এখন খেলত লাজং নামিব বৰ্তমান লীগৰ শীৰ্ষস্থানত থকা তথা শক্তিশালী দল মিনাৰ্ভা পাঞ্জাবৰ বিৰুদ্ধে। শ্বিলঙৰ নেহৰু ষ্টেডিয়ামত হ’ব লগীয়া খেলখনত ঘৰুৱা দলটোৱে বেচ আত্মবিশ্বাসেৰে নামিব। তেওঁলোক ইয়াৰ আগৰ খেলত ইণ্ডিয়ান এৰ’জৰ বিৰুদ্ধে জয়েৰে বেচ আত্মবিশ্বাসী হৈ আছে।

লাজঙৰ প্ৰশিক্ষক ববি নংবেটে কৈছে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ব জয় কাঢ়ি অনা আৰু সম্পূৰ্ণ তিনি পইণ্ট গোটোৱা।

আনহাতে মিনাৰ্ভায়ো ইয়াৰ পূৰ্বৰ খেলত মোহন বাগানক হৰুৱাই আত্মবিশ্বাসী হৈ আছে।

ফলত দুয়োটা দলৰ মাজত এখন আকৰ্ষণীয় যুঁজ দৰ্শকে আশা কৰিব পাৰে। ঘৰুৱা দৰ্শকৰ পৰা লাজঙে নিশ্চিতভাৱেই নিচৰ্ত সমৰ্থন পাব যদিও মিনাৰ্ভাক সহজভাৱে লোৱাৰ কথা ভাবিবই নোৱাৰে।

বিশেষকৈ লাজঙৰ গল কৰাৰ হাৰ উন্নত কৰাৰ যথেষ্ট অৱকাশ আছে বুলি ফুটবল বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

আনহাতে মিনাৰ্ভা পাঞ্জাবৰ প্ৰশিক্ষকেও তেওঁলোকৰ দলটোৱে যাতে শীৰ্ষস্থান নেহেৰুৱাই তাৰ লক্ষ্যৰেই খেলাৰ কথা কৈছে। যদিও তেওঁ কৈছে যে শ্বিলঙৰ জলবায়ু এটা কাৰক হৈ দেখা দিব পাৰে।

উল্লেখযোগ্য যে এই সময়ত মিনাৰ্ভা লীগৰ পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ পৰিৱৰ্তে লাজং আছে চতুৰ্থ স্থানত।