NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত সংঘটিত ৫০০ কোটি টকীয়া বীমা কেলেংকাৰিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: পুলেন্দ্ৰ দাস February 25, 2019 5:51 pm
Main accused of Insurance scam, Manik Ali

ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰিত জড়িত থকা মূল অভিযুক্ত মানিক আলীক আজি বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰপেটা উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে পুৱতি নিশা গুৱাহাটীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে মানিক আলীক।

বীমা কেলেংকাৰিৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা অৰ্থাৎ প্ৰায় ছমাহ ধৰি আত্মগোপন কৰি আছিল মানিক আলী। ধৃত মানিক আলীৰ ঘৰ বৰপেটাৰ কাদাঙৰ ইছলামপুৰত।

উল্লেখ্য যে, মানিক আলীৰ নেতৃত্বতে ৰাজ্যত সংঘটিত হৈছিল এই বৃহৎ বীমা কেলেংকাৰিটো। জীৱন বীমা নিগমৰ এজেণ্ট মানিক আলীয়ে এটি দুষ্টচক্ৰৰ লগত লগ লাগি মৃত ব্যক্তিৰ নামত বীমা পলিচি খুলি লাখ লাখ টকা আত্মসাৎ কৰিছিল।

ইয়াৰ উপৰি মানিক আলী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে বৰপেটা জিলাৰে গৰৈমাৰীৰ আবুল হুছেইন নামৰ এজন অস্তিত্বহীন ব্যক্তিৰ নামত পলিচী খুলি ২৫ লাখ টকা লুণ্ঠনৰো অভিযোগ আছে।

মানিক আলীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে এই কেলেংকাৰিটোৰ সৈতে জড়িত চৰকাৰী চিকিৎসক, গাঁওবুঢ়াসহ মুঠ ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে৷

এই বৃহৎ বীমা কেলেংকাৰিটোৰ সৈতে আৰু কোন কোন লোক জড়িত আছে সেই বিষয়ে মানিক আলীক সোধা-পোচা কৰিলে অধিক তথ্য পোহৰলৈ আহিব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে জীৱন বীমা নিগমৰ এজেণ্ট মানিক আলীয়ে পিছলৈ জীৱন বীমাৰ লগতে বাজাজ এলায়েন্স আৰু মেক্স ডি এল এফ নামৰ কোম্পানীৰো ইনভেষ্টিগেটৰ হিচাপে কাম কৰিছিল।