NORTHEAST NOW (Assamese)
অসম

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী July 2, 2022 12:39 pm

Cotton University কটন বিশ্ববিদ্যালয়ৰ ৰজনীকান্ত বৰদলৈ (RKB) ছাত্ৰাবাসৰ ছাত্ৰই শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ ছাত্ৰৰ ওপৰত আক্ৰমণৰ ঘটনা ঘটিছে।

নিশা প্ৰায় ১.৪৫ বজাত সকলোৱে শুই থকা অৱস্থাত ইটা, মদৰ বটলৰে বৰ্বৰ আক্ৰমণ চলায় শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ আৱাসীৰ ওপৰত।

পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ভাৰত চহৰীয়াক মূৰত মাৰি ৰাঙলী কৰিলে শ্বহীদ মোজামিল হক ছাত্ৰ আবাসৰ ৩ নম্বৰ ৰুম।

লগতে পঢ়ক: Tulasi Ojha passes away: বিশিষ্ট লোকশিল্পী, ঢোলৰ যাদুকৰ তুলসী ওজাৰ বিয়োগ; মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোকপ্ৰকাশ

নিশাই GMCHত ভাৰত চহৰীয়াক লৈ যোৱা হয়। ভাৰত চহৰীয়াৰ মূৰত ১৬ টা চিলাই পৰে।

হোষ্টেলটোৰ কোঠাৰ গ্লাচ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

পান বজাৰ আৰক্ষী থানাত গোচৰ দিয়াৰ প্ৰস্তুতি চলাইছে শ্বহীদ মোজাম্মিল হক ছাত্ৰবাসৰ ছাত্ৰসকলে ৷

লগতে পঢ়ক: 2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

এই মাৰপিটৰ ঘটনাত কেইবাগৰাকীও ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতেই সৃষ্টি হয় এই ঘটনাৰ।