NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সমষ্টিবাসীৰ বিশাল প্ৰতিবাদী সমদল; আমুৱাইছে মিছা প্ৰতিশ্ৰুতিয়ে; উম-ঘাম নাই যোৰহাট-মাজুলী সংযোগী দলঙৰ

Posted by: মিটু খাটনিয়াৰ February 27, 2019 9:03 pm
Protest at Majuli

মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিজেপি দলৰ প্ৰতিশ্ৰুতিয়ে আমুওৱা মাজুলীৰ ৰাইজে আজি বিশাল প্ৰতিবাদ উলিয়ায় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে। চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ওলাই আহে মাজুলীবাসী।

প্ৰতিবাদী ৰাইজে অভিযোগ কৰে যে গাডকাৰীয়ে ৩ বছৰ পূৰ্বে স্থাপন কৰি যোৱা মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা চাই চাই আমনি লাগিছে। যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে কেন্দ্রীয় মন্ত্ৰী নীতীন গাডকাৰিয়ে স্থাপন কৰিছিল দলংখনৰ আধাৰশিলা। তাৰ পিছত এতিয়ালৈকে একো উম-ঘাম নাই।

আনহাতে উন্নয়নৰ প্ৰতিশ্ৰুতি দি মাজুলীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হোৱা সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিবোৰ বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে থাকিল। অসমৰ মুখ্য মন্ত্ৰীজনে মাজুলী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ পিছতো সমষ্টিটোৰ কোনো পৰিৱৰ্তন, উন্নয়ন নহ’ল বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে।

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ এনেকুৱা আভুৱা ভাঁৰা কামৰ বাবে মাজুলীৰ কমলাবাৰীত আজি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ চৰকাৰক শীঘ্ৰে মাজুলী-যোৰহাট সংযোগী দলংখন নিৰ্মাণ আৰম্ভ কৰাৰ দাবী তোলে।