NORTHEAST NOW (Assamese)
অসম

অৱশেষত সোঁশৰীৰে দেখা দিলে পাপৰি বেনাৰ্জীয়ে; স্থিতিত অটল, “সেনাক বেয়াকৈ কোৱা নাই”

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 4, 2019 7:40 pm
Papri Benarjee

১৪ দিনীয়া আত্মগোপনৰ অন্তত সোঁশৰীৰে দেখা দিলে আইকন কমাৰ্চ কলেজৰ নিলম্বিত সহযোগী অধ্যাপিকা পাপৰি বেনাৰ্জী। পুলৱামা আক্ৰমণক লৈ দিয়া এটা ফেইচবুক পোষ্টৰ পিছত বিতৰ্ক, হত্যা-ধৰ্ষণৰ ভাবুকি আৰু আৰক্ষীৰ তেওঁৰ বিৰুদ্ধে নিজাববীয়া গোচৰৰ পিছতে অন্তৰ্ধান হৈছিল অধ্যাপিকাগৰাকী।

আত্মগোপনৰ পৰা ওলাই আহি যোৱা ৩ মাৰ্চত চানমাৰি থানাত হাজিৰ হোৱাৰ পাছত আৰক্ষীয়ে তেওঁক প্ৰায় চাৰি ঘন্টা ধৰি সোধা-পোছা কৰে। ইয়াৰ পাছতে সাংবাদিকৰ আগত তেওঁ হত্য-ধৰ্ষণৰ ভাবুকি পোৱাৰ বাবে আত্মগোপন কৰা বুলি জানিবলৈ দিয়ে।

“মই ধৰ্ষণৰ ভাবুকি পাইছিলো। মোক ঘৰৰ পৰা উলিয়াই নি হত্যা আৰু ধৰ্ষণ কৰিব বুলি ভাবুকি দিছিল। সেয়ে মই ভয় খাই আত্মগোপন কৰিছিলো”, পাপৰি বেনাৰ্জীৰ ভাষ্য।

লগতে তেওঁক একাংশই বেশ্যাৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ তুলি “এয়া আমাৰ সংস্কৃতি নেকি?” বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ইপিনে, ফেইচবুক পোষ্টটোৰ জৰিয়তে ভাৰতীয় সেনাক দোষাৰোপ কৰাৰ মানসিকতা নাছিল বুলি মন্তব্য কৰি পাপৰি বেনাৰ্জীয়ে কয়, “মই মানৱ অধিকাৰ উলংঘনৰ কথাহে ক’ব বিচাৰিছিলো। আৰ্মিক কিয় দোষ দিম, দোষ ব্যৱস্থাটোৰ। আৰ্মিয়ে নিৰ্দেশহে পালন কৰিছে”।

তেওঁ ক’ত আত্মগোপন কৰি আছিল সেই কথা সাংবাদিকৰ আগত প্ৰকাশ নকৰিলে যদিও আৰক্ষীয়ে তেওঁ মুম্বাইত আছিল বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে বিতৰ্কিত পোষ্টটোৰ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত তেওঁ অধ্যাপনা কৰা আইকন কমাৰ্চ কলেজ কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিছিল।

একেদৰে, চানমাৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এটা নিজাববীয়া গোচৰ ৰুজু কৰি তেওঁক ১৬ ফেব্ৰুৱাৰিত সোধা-পোছাৰ বাবে মাতি নিছিল। পৰৱৰ্তী সময়ত ১৮ ফেব্ৰুৱাৰিত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও ১৭ ফেব্ৰুৱাৰিৰ পুৱাৰ পৰাই সন্ধানহীন হৈছিল পাপৰি।

ইপিনে, যোৱা ২ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক অন্তৰৱৰ্তীকালীন অগ্ৰীম জামিন প্ৰদান কৰে।

২০ মাৰ্চত এই জামিনৰ ম্যাদ উকলিব আৰু সেইদিনাই আৰক্ষীয়ে আদালতত কেছ ডায়েৰি দাখিল কৰিব বুলি চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, কেছ ডায়েৰি দাখিল কৰিবলৈ আৰক্ষীক প্ৰয়োজন হৈছে পাপৰিৰ ফেইচবুকৰ তথ্য, সেই তথ্যৰ বাবে ফেইচবুক কৰ্তৃপক্ষক আৰক্ষীয়ে আবেদন কৰা বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।