NORTHEAST NOW (Assamese)
অসম

লওক নিৰ্বাচনী সুযোগ : এচ চি ই আৰ টিত মুকলি অৰ্ধ শতাধিক পদ

Posted by: এন ই নাও নিউজ March 6, 2019 7:52 am

লোক সভা নিৰ্বাচন সমাগত। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে ৰাজ্যৰ খালী হৈ থকা বিভিন্ন বিভাগৰ পদ সমূহ পূৰণ কৰাৰ বাবে উঠি-পৰি লাগিছে বিভাগ সমূহ, যাতে কম বেছি পৰিমানে হ’লেও নিযুক্তি দি ৰাজ্যৰ যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰা যায়।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়তো মুকলি হৈছে অৰ্ধ শতাধিক পদ। কনিষ্ঠ সহয়কাৰী, ষ্টেন’গ্ৰাফাৰ, কাৰ্য্যালয় সহায়কাৰী, গ্ৰন্থাগাৰিক, শিক্ষক, কম্পিউটাৰ শিক্ষক, টাইপিষ্টকে আদি কৰি ভালে সংখ্যক পদ মুকলি কৰি দিছে বিভাগটোৱে।

ৰাজ্যৰ ১৮ বছৰৰপৰা ৪৪ বছৰৰ ভিতৰলৈ সকলো নিৰ্দিষ্ট বিষয়ত প্ৰশিক্ষণ প্ৰাপ্ত স্নাতক প্ৰাৰ্থীয়ে পদ সমূহত আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থী সকলে ১২ এপ্ৰিলৰ আগতে বিভাগটোৰ ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰিব।

উল্লেখোগ্য যে, কেন্দ্রৰ নৰেন্দ্ৰ মোদী চৰকাৰে নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰিছিল যদিও কাৰ্য্যকালৰ পাঁচটা বছৰত সেই প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণৰূপে সফল নহ’ল। আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পূৰ্বে চৰকাৰখনে পাৰ্য্যমানে বিভাগ সমূহত খালীহৈ থকা পদ সমূহৰ বিজ্ঞাপন দিয়া পৰিলক্ষিত হৈছে।

আবেদন কৰাৰ বাবে তলৰ লিংকটোলৈ গৈ ক্লিক কৰক: http://www.scertassamonline.in/