NORTHEAST NOW (Assamese)
অসম

চিআইডি তদন্তৰ অন্ত নপৰাকৈ কেনেকৈ ফলাফল দিলে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে?: অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 8, 2019 9:23 pm
08-03-19 Guwahati- Akhil Gogoi press meet (2)

চিআইডিৰ তদন্ত প্ৰক্ৰিয়া অন্ত নোহোৱাকৈ কেনেকৈ ফলাফল দিয়া হ’ল পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ? পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ফলাফল ঘোষণাৰ পাছতেই নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সংবাদমেলত এই প্ৰশ্ন অখিল গগৈৰ।

ইয়াৰোপৰি, ৰাজ্যৰ বিয়াগোম বিভাগটোৰ পৰীক্ষাত বহু অনিয়ম সংঘটিত হোৱাৰ পাছতেই চিআইডিয়ে তদন্ত কৰা বুলি সদৰী কৰি অখিলে লগতে ডিএছপি আবু ছাদ্দিক মহম্মদ তাহেৰে তদন্ত কৰিছিল বুলি জানিবলৈ দিয়ে।

ইপিনে, ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৬৬/৪০(চি)ৰ অধীনত ৪১৪/২০১৮ ত চিআইডিয়ে গোচৰ ৰুজু কৰি পৰীক্ষাত হোৱা অনিয়মৰ তদন্ত কৰিছিল বুলিও তেওঁ সংবাদমেলত জনায়।

আনহাতে, গগৈয়ে লাভ কৰা চিআইডিৰ প্ৰতিবেদন মতে ১৪ খন জিলাত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ৫ খন জিলাত কোনোধৰণৰ অনিয়ম সংঘটিত হোৱা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল। তদুপৰি, ৯ খন জিলাত কেলেংকাৰি সংঘটিত হৈছিল তথা ২৮ জন পৰীক্ষাৰ্থী বহিস্কৃত হৈছিল, ৩ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে পৰীক্ষা গৃহ পৰ্য্যবেক্ষণৰ দায়িত্বত থকা এজনক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অখিলে সংবাদমেলত জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে চিআইডিয়ে দিয়া প্ৰতিবেদনত কোৱা হৈছিল যে তদন্ত প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। এই কথা সংবাদমেলত সদৰী কৰি অখিলে লগতে কয় ‘ঘটনাৰ সৈতে জড়িত বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে বুলি চিআইডিৰ প্ৰতিবেদনত উল্লেখ আছিল। ফৰেনছিক ৰিপৰ্ট এতিয়ালৈকে অহা নাই। চিআইডি তদন্তৰ প্ৰতিবেদন থকাৰ পাছতো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল।‘

ইয়াৰোপৰি, এৰাতিৰ ভিতৰতে ৰিজাল্ট আৰু পাছদিনা যোগদান কৰিবৰ বাবে দিয়া নিৰ্দেশৰ ব্যৱস্থাটোক কেন্দ্ৰ কৰি সন্দেহ প্ৰকাশ কৰে কৃষক নেতাজনে। তেওঁ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে দিয়া বিজ্ঞাপনত উল্লেখ থকা নীতি নিয়ম উলংঘা হৈছে বুলিও গগৈয়ে অভিযোগ তোলে।

তেওঁ কয়, ‘সংৰক্ষণৰ ভিত্তিত মেধাৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি বিজ্ঞাপনত উল্লেখ আছিল যদিও প্ৰকাশিত ফলাফলৰ তালিকাত তেনেকুৱা সংৰক্ষণৰ ভিত্তিত মেধাৰ কথা উল্লেখ কৰা নাই।‘

তদুপৰি, যিসকল পৰীক্ষাৰ্থী নিৰ্বাচিত হয়, সেইসকলৰ নথি-পত্ৰ পৰীক্ষণ কৰা হোৱা নাই। পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক পোনপটীয়াকৈ নিযুক্তি দিয়া হ’ল বুলি গগৈয়ে সংবাদমেলত কয়। ইপিনে, ৰাতি দহ বজাত ফলাফল প্ৰকাশ কৰিলে পাছদিনা পুৱা ১০ বজাত ক’ত যোগদান কৰিব তাৰ তালিকা প্ৰকাশ কৰা হ’ল বুলিও অখিলে জনায়।

আনহাতে, নিয়ম অনুসৰি অভিজ্ঞতাৰ নম্বৰ আৰু লিখিত পৰীক্ষাৰ নম্বৰ যোগ কৰা হ’ব লাগিছিল কিন্তু কৰা হোৱা নাই বুলি উল্লেখ কৰি অখিলে প্ৰশ্ন কৰে, ‘নথি পৰীক্ষণ নকৰাকৈ কেনেকৈ অভিজ্ঞতাৰ নম্বৰ দিয়া হ’ল?’

তেওঁ লগতে কয়, ‘যাতে, নিযুক্তি লাভ কৰাৰ পাছত চাকৰিৰ পৰা প্ৰাৰ্থীজনক বৰ্খাস্ত কৰিব নোৱাৰে বা প্ৰাৰ্থীজন আদালতৰ কাষ চাপিব পাৰে, সেই সুযোগ দিয়াৰ বাবেই তাৎক্ষণিকভাৱে ফলাফল ঘোষণা কৰিয়েই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ল।‘

গগৈয়ে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেক পদত্যাগ কৰাৰ বাবে দাবী জনায়। ‘মন্ত্ৰী নৱ দলে আৰু বিজেপি দলৰ নেতা-পালি নেতাৰ আত্মীয় কুটুমে সাংঘাটিকভাৱে নিযুক্তি লাভ কৰিছে। এই কথাই নিযুক্তিৰ ক্ষেত্ৰত যে ভয়ংকৰ কেলেংকাৰি হৈছে সেই কথা উদঙাই দিছে। সেয়েহে তেওঁ অনতিপলমে পদত্যাগ কৰিব লাগে।‘ অখিলে কয়।

আনহাতে,পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ যি ব্যাপক কেলেংকাৰি সংঘটিত হ’ল, এই কেলেংকাৰিৰ পাছত এইখন চৰকাৰক জনসাধাৰণে আস্থা আৰু বিশ্বাসত ল’ব নোৱাৰে বুলি অখিলে কয়।