NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ কঁচুৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িতৰ অভিযোগত পাঁচজনক আটক

Posted by: এন ই নাও নিউজ March 10, 2019 8:32 am

নগাঁৱৰ কচুঁৱা হালধিআটিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত পাঁচগৰাকীকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

কামপুৰ আৰক্ষীয়ে নগাঁৱৰ বিভিন্ন ঠাইত অভিযান চলাই দুটা আৰু নগাঁও বাইপাচত অভিযান চলাই তিনিটা মুঠ পাঁচটা অভিযুক্তক দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন যুৱক কেইজন হ’ল ক্ৰমে মফিদুল ইছলাম, মোবাৰক আলি, চাইদুল ইছলাম, আব্দুল বাৰেক আৰু জিয়াবৰ ৰহমান। ইফালে কচুঁৱাৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ফেৰিৱালাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে বিগত দেওবাৰৰ নিশা মূল অভিযুক্ত ফেৰিৱালাই নগাঁৱৰ কঁচুৱাৰ হালধিআটিৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ফুচুলাই নি সাতগৰাকীকৈ লোকৰ সৈতে নি ধৰ্ষণ কৰিছিল। যি ঘটনাই নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যক জোকাৰি গৈছিল।