NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত-গ্ৰামোন্নয়ন আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰি : শিৱসাগৰত আছুৰ বিক্ষোভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 20, 2019 2:36 pm
Sivasagar AASU

পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তিত সংঘটিত কেলেংকাৰিৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শিৱসাগৰতো বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ শতাধিক কৰ্মীয়ে এই বিক্ষোভ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয় যে নিৰ্বাচনৰ পূৰ্বে বছৰি লক্ষাধিক নিবনুৱাক চাকৰি দিম বুলি সপোন দেখুওৱা বিজেপি চৰকাৰখনে সংস্থাপনৰ নামত আচলতে যি কৰিলে সেই কাৰ্যক নিন্দনীয় আখ্যা দিছো।

‘ৰাজ্য চৰকাৰে নতুনকৈ পদ সৃষ্টি কৰিব পৰা নাই, সেই সময়তে কেইটামান বিভাগত সীমিত সংখ্যক পদৰ নিযুক্তিৰ ক্ষেত্ৰত  লাখ লাখ নিবনুৱাৰ মাজত সাক্ষাৎকাৰ পাতি স্বজন-তোষণৰ জৰিয়তে বিজেপি নেতা-পালিনেতাৰ আত্মীয়ক নিযুক্তি দি গোটেই প্ৰক্ৰিয়াটো খেলিমেলিৰ সৃষ্টি কৰা কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছো’। এইদৰে কয় হাজৰিকাই।

আনহাতে বিক্ষোভ কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ উক্ত বিভাগসমূহত হোৱা বৃহৎ নিযুক্তি কেলেংকাৰিৰ উচিত তদন্তৰ দাবী জনায়।