NORTHEAST NOW (Assamese)
অসম

এইবাৰ লুইতৰ বুকুয়েদি জাহাজত অসমলৈ মানুহ পঠিয়াব বাংলাদেশ চৰকাৰে

Posted by: এন ই নাও নিউজ March 21, 2019 8:37 pm
Bangladesh Govt wishes to start ship service to Assam water transport minister khalid mahmud choudhury

নাগৰিকত্ব বিধেয়কক লৈ শেহতীয়াকৈ উত্তাল হৈ থকা অসমলৈ লুইতৰ বুকুয়েদি এইবাৰ জাহাজেৰে মানুহ পঠিয়াব খুজিছে বাংলাদেশ চৰকাৰে।

বাংলাদেশৰ সচিবালয়ত বুধবাৰে এই কথা ঘোষণা কৰিছে দেশখনৰ ৰাজ্যিক নৌ পৰিবহণ মন্ত্ৰী খালিদ মাহমুদ চৌধুৰীয়ে।

কিছুদিন পূৰ্বে এটা ব্যক্তিগত কোম্পানিয়ে জাহাজ চলোৱাৰ প্ৰচেষ্টা লৈয়ো বিমুখ হোৱাৰ কথা উল্লেখ কৰি এইবাৰ বাংলাদেশ চৰকাৰে নিজাকৈ পদক্ষেপ লোৱাৰ কথা সদৰী কৰিছে মন্ত্ৰীজনে।

“আমি অসমৰ লগতে আনফালেও যাম। কিছুদিন আগতে প্রাইভেট কোম্পানি এটা ঘূৰি আহিছে। অকল আঞ্চলিক নহয়, এই অঞ্চলৰ বাহিৰত যোৱাৰো আগ্রহ আছে। আমাৰ সক্ষমতা যিমান বেছি বাঢ়িব, আমাৰ বিস্তৃতিও সিমানে বেছি বাঢ়িব,” মন্ত্ৰী চৌধুৰীৰ এই উদ্ধৃতি bangladeshlivenews.com-ৰ।

সকলো সময়তে অৰ্থনীতিৰ কথা চালেই নহ’ব, সম্পৰ্কৰ কথাও কিছু চাব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে ১০ হাজাৰ কিলোমিটাৰ নদীপথ তৈয়াৰীৰ বাবে বাংলাদেশ চৰকাৰৰ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথাও সদৰী কৰে।

তেওঁ জনায় যে বাংলাদেশৰ পৰা ৭০ বছৰৰ বিৰতিত অহা ২৯ মার্চৰ পৰা কলকাতালৈ জাহাজ চলাচল পুনৰ আৰম্ভ কৰাৰ পিছতে অসমলৈকো নৌ পৰিবহণ আৰম্ভ কৰিব খোজে।

সেয়ে হ’লে অহা ব’হাগ বিহুৰ আগে-পিছেও অসমলৈ জাহাজ চলাবলৈ সাজু বাংলাদেশ।