NORTHEAST NOW (Assamese)
অসম

মুকাভিনয়েৰে গুৱাহাটীৰ ৰাজপথত উদযাপন কৰা হ’ল বিশ্ব মুকাভিনয় দিৱস

Posted by: এন ই নাও নিউজ March 23, 2019 8:07 am
WhatsApp Image 2019-03-22 at 11.31.07 PM

২২ মাৰ্চ শুকুৰবাৰে বিশ্ব মুকাভিনয় দিৱস উপলক্ষে ‘মেকআপ থিয়েটাৰ’ দলে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ ৰাজপথত ‘অভিব্যক্তি’ নামৰ এখন মুকাভিনয় প্ৰদৰ্শন কৰে।

মুকাভিনয়খনৰ বিষয়বস্তু আছিল ‘লোকসভা নিৰ্বাচন আৰু ভোটদান’। আগন্তুক লোকসভা নিৰ্বাচনত সকলো ভোটাৰ ৰাইজে যাতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি এখন সুস্থ আৰু সবল চৰকাৰ গঢ়ে তাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে মেকআপ থিয়েটাৰ মুকাভিনয়ৰ শিল্পী সকলে।

মুকাভিনয়খনিৰ অভিনয়ত অংশগ্ৰহণ কৰে বিনোদ দাস, খলিলজ্যোতি বৰা, অজন্তা হাজৰিকা, মীনাক্ষী ডেকা, পাৰ্থ, নিপন দেৱচৌধুৰী আৰু চিত্ৰ তামুলীয়ে।

২২ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব মুকাভিনয় দিৱস হিচাপে উলহ মালহেৰে পালন কৰা হয়। অসমৰ লগতে ভাৰতবৰ্ষৰো বিভিন্ন স্থানত শুকুৰবাৰে মুকাভিনয় শিল্পীসকলে বিভিন্ন কাৰ্য্যসূচীৰে বিশ্ব মুকাভিনয় দিৱস পালন কৰে।

উল্লেখযোগ্য যে, ২০১১ চনৰ পৰা প্ৰতিবছৰে পালন কৰি অহা বিশ্ব মুকাভিনয় দিৱসক এতিয়ালও য়ুনেছকোই আনুষ্ঠানিক ভাবে স্বীকৃতি প্ৰদান কৰা নাই।