NORTHEAST NOW (Assamese)
অসম

“কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীক ভোট দিয়ক”, সংবাদমেলত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 26, 2019 8:43 pm
Hiran Gohain_PressMeet

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল যোগে আজি ৰাইজক আগন্তুক নিৰ্বাচনত দায়িত্ব সহকাৰে ভোট দিবৰ বাবে আহ্বান জনাইছে।

মঞ্চৰ অধ্যক্ষ, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে কোনো অস্পষ্টতা নৰখাকৈ কয়, “জিকাৰ সম্ভৱনা থকা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী থাকিলে তেওঁক ভোট দিয়ক ৰাইজে”।

ৰাইজক ঘৰত সোমাই নাথাকি বিজেপিৰ বিৰুদ্ধে ওলাই আহিবলৈ আৰু গণতন্ত্ৰৰ পক্ষত ভোট দিবলৈ আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱীজনে।

“আগন্তুক নিৰ্বাচন ভাৰতৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ। নিৰ্বাচনী যুদ্ধত যদি বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হয়, গণতন্ত্ৰ বিৰোধী কাম-কাজে ধুমুহাৰ ৰূপ ল’ব। বিজেপিৰ অভিপ্ৰায় বুজিব পৰা গৈছে”, ভোটাৰক সতৰ্ক কৰি ড০ গোহাঁইয়ে কয়।

বিজেপিৰ দলটো আৰু চৰকাৰখনৰ কাম-কাজক কঠোৰ ভাষাত সমালোচনা কৰি ফেচিবাদৰ বাহক আখ্যা দিয়ে।

“য়ুৰোপৰ ফেচিষ্ট আদৰ্শেৰে অনুপ্ৰাণিত দল-সংগঠনে চৰকাৰ চলাইছে” বুলি কৈ বিজেপিৰ চৰিত্ৰৰ বিষয়ে ড০ গোহাঁইৰ মন্তব্য, “মানুহৰ স্বাধীনতা ধ্বংস কৰিবলৈ বিভিন্ন উপায় লৈছে বিজেপি চৰকাৰে। ৰাইজৰ প্ৰতি সহনশীলতা বিজেপিৰ অন্তৰত নাই।”

গোহাঁইৰ মতে, “বিজেপি গাদীলৈ আহিলে তেওঁলোকৰ লুকাই থকা অভিপ্ৰায় পূৰণ কৰিবই।”

চৰকাৰখনে দেশলৈ তথা ৰিজাৰ্ভ বেংক আৰু অন্যান্য প্ৰতিষ্ঠানলৈ বিপৰ্যয় নমাই আনিছে বুলিও অভিযোগ কৰে ড০ গোহাঁয়ে।

তেওঁ লগতে কয়, “পুঁজিপতিৰ কথা চিন্তা কৰা চৰকাৰৰ সাধাৰণ আৰু শ্ৰমজীৱী মানুহৰ প্ৰতি চিন্তা কৰাৰ সময় নাই। তাৰোপৰি বিজেপিয়ে মানুহৰ মাজত মুছলিম-বিদ্বেষ ভাব সুমুৱাই দিয়াৰ চেষ্টা কৰিছে”।

ড০ গোহাঁয়ে বিজেপিয়ে মানুহৰ পকেটে পকেটে ধন সুমুৱাই সমৰ্থন লোৱাৰ চেষ্টা কৰিছে বুলিও গুৰুতৰ অভিযোগ তোলে।

একেখন সংবাদমেলত উপস্থিত থকা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰেকৃষ্ণ ডেকাই কয়, “আমি বিজেপিৰ বিৰোধিতা কৰিছোঁ। ২০১৪ চনত পৰিৱৰ্তন বিচাৰি বিজেপিক মানুহে ভোট দিছিল। বিজেপিয়ে স্বেচ্ছাচাৰিতাৰ স্বৰূপ দেখুৱালে। বিজেপিৰ বিৰোধিতা কৰাসকলক হত্যা কৰা হৈছে। ভাৰতত যি ধৰণে বিকাশ হ’ব লাগিছিল সেয়া হৈ উঠা নাই। দেশত ৪০ হাজাৰ কৃষকৰ মৃত্যু হৈছে। নিৰপত্তাহীনতাত ভুগি আত্মহত্যা কৰিছে কৃষকে। ৬ হাজাৰ টকা দিলে সেই টকাৰে কি কৰিব কৃষক সকলে?”

ইয়াৰোপৰি এয়াই গণতন্ত্ৰক ৰক্ষা কৰাৰ শেষ সুযোগ বুলি ডেকাই কয়।

“মোদীয়ে নিজকে দেশৰ চকীদাৰ বুলি ক’লেও লাখ টকাৰ পোচাক  পিন্ধে”, মোদীক কটাক্ষৰে ডেকাৰ মন্তব্য।

উপস্থিত থকা উদায়দিত্য ভৰালীয়ে কয়, “বুৰঞ্জীৰ প্ৰাক্তন ছাত্ৰ হিচাপে কৈছোঁ, বৰ্তমান দেশ মাথোঁ ফেচিবাদী কু-শক্তিৰ গ্ৰাসত পৰিছে, যিটো আধুনিক যুগত দৃষ্টান্ত পোৱা নাযায়। এয়া হৈছে ধৰ্মীয় ফেচিবাদ। ৰাজনৈতিক ফেচিবাদ নাশ কৰিব পাৰি, কিন্তু ধৰ্মীয় ফেচিবাদ নাশ কৰা টান। এনে শাসকগোষ্ঠীৰ হাতত দেশ, যাৰ দেশৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ উদাহৰণ নাই। নিৰ্বাচনৰ জৰিয়তে ধৰ্মীয় ফেচিবাদ আকৌ এবাৰ আহিবলৈ হ’লে গণতন্ত্ৰ টিকি থাকিব নোৱাৰে। দেশৰ ক’লা ধন ঘূৰাই নানিলে। নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে। কোনো আত্মসন্মানবোধ থকা অসমীয়াই বিজেপিক ভোট দিয়া অনুচিত।”

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অৰ্থনীতি বিভাগৰ অধ্যাপক আব্দুল মান্নানে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয়, “ভাৰত চৰকাৰে কোনো পৰ্য্যায়তে বাংলাদেশৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱা নাই। এই বিল আনি এন আৰ চিৰ প্ৰক্ৰিয়া বিঘ্নিত কৰিব বিচৰা হৈছে। বিজেপিয়ে অসমৰ পৰা যাতে এটাও ছীট নাপাই তাৰ ব্যৱস্থা কৰিব লাগিব।”

“এতিয়া গৱেষকৰ চিন্তা-ধাৰাৰ ওপৰতো বাধা আৰোপ কৰা হৈছে। গৱেষকৰ চিন্তা-ধৰা কেনেকৈ কৰিব সেয়া মোদী নাইবা অমিত শ্বাহে বিবেচনা কৰিব, সেয়া কেনে কথা হ’ব পাৰে? বিজেপি চৰকাৰে চিন্তা শক্তিৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰিছে। শিক্ষা ব্যৱস্থা সলনি কৰিব বিচাৰিছে।”, অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ মন্তব্য।