NORTHEAST NOW (Assamese)
অসম

বলীউদ আৰু শ্ৰীলংকাৰ ছবি উদ্যোগত উজলিছে দুই অসমীয়া প্ৰতিভা

Posted by: এন ই নাও নিউজ March 28, 2019 7:54 pm
fgttyr-1-750x375

বলীউদ আৰু শ্ৰীলংকান ছবি উদ্যোগত নিজস্ব প্ৰতিভাৰে উজলি উঠিছে দুই অসমীয়া নবোদিত প্ৰতিভা। সুমন অধিকাৰীয়ে চিত্ৰনাট্য আৰু অৰ্ঘ গোস্বামীয়ে সুন্দৰ অভিনয়েৰে আপ্লুত কৰিছে হাজাৰ হাজাৰ চলচিত্ৰ প্ৰেমীৰ মন।

বৰপেটা জিলাৰ নিৱাসী সুমন অধিকাৰীয়ে বলীউদত মুক্তি পাবলগীয়া এক্সন আৰু থ্ৰীলাৰ ছবি ‘জংগল’ত চিত্ৰনাট্য লিখিছে। ছবিখনত অভিনয় কৰিছে বলীউদৰ তাৰকা অভিনেতা বিদ্যুৎ জামালে। আমেৰিকাৰ চলচিত্ৰ নিৰ্মাতা শ্বাক ৰাছেলে ছবিখন পৰিচালনা কৰিছে। শুকুৰবাৰে ছবিঘৰলৈ আহিব চলচিত্ৰখন।

আনহাতে, ৰাজ্যৰ আন এজন ৮ বছৰীয়া প্ৰতিভাশীল কণমানি অৰ্ঘ গোস্বামীয়ে অভিনয় কৰিছে পুৰস্কাৰপ্ৰাপ্ত শ্ৰীলংকাৰ ছবি ‘অসান্ধিমিত্ত’ত। মাত্ৰ তিনি বছৰ বয়সৰ পৰা মডেলিং কৰিবলৈ শিকা অৰ্ঘাই ভালেকেইখন শ্ৰীলংকাৰ বিজ্ঞাপনৰ ছবিতো অভিনয় কৰিছে।

অসমৰ নিৱাসী হিমাংক গোস্বামী আৰু গীতাঞ্জলি গোস্বামীৰ কন্যা অৰ্ঘাই বৰ্তমান পৰিয়ালৰ লোকৰ সৈতে কলম্বোত বাস কৰি আছে।