NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা; বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ প্ৰাৰ্থীৰ নামো ঘোষণা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 29, 2019 3:15 pm
Untitled-1 copy

জল্পনা-কল্পনাৰ অন্ত পেলাই  কংগ্ৰেছে আজি ঘোষণা কৰে ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।

আজি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ববিতা শৰ্মা, ধুবুৰীত আবু তাহেৰ  বেপাৰী, কোকৰাঝাৰত শব্দ ৰাম ৰাভা আৰু বৰপেটাত আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

উল্লেখযোগ্য যে, গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিত ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা

আনহাতে, গুৱাহাটী লোকসভা সমষ্টিত ববিতা শৰ্মাৰ মূল প্ৰতিদ্বন্দ্বী হ’ব পাৰে বিজেপিৰ প্ৰাৰ্থী কুইন ওজা। কোকৰাঝাৰ সমষ্টিত ইতিমধ্যে বি পি এফ দলে প্ৰমীলা ৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে লগতে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াইয়ো সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ধুবুৰী সমষ্টিত কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমল আৰু অগপ আৰু মিত্ৰজোঁটৰ সন্মিলিত প্ৰাৰ্থী জাভেদ ইছলামৰ প্ৰবল প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, বৰপেটা সমষ্টিত এতিয়ালৈ অগপ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই যদিও কংগ্ৰেছৰ আব্দুল খালেকৰ বিপৰীতে আছে এ আই য়ু ডি এফৰ সবল প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলাম।