NORTHEAST NOW (Assamese)
অসম

এ আই য়ু ডি এফ নাথাকিলে বিজেপিয়ে অসমত নিৰ্বাচন জিকিব নোৱাৰে : কংগ্ৰেছ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 29, 2019 10:20 pm
APCC Press Meet

লোক সভা নিৰ্বাচন অগপ, বিজেপি আৰু বিপিএফে অসমত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিৰোধী দল হৈয়ো ১৪টা সমষ্টিত এককভাৱে নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ। মাত্ৰ তিনিটা সমষ্টিতেই প্ৰাৰ্খী আগ বঢ়াই হাত দাঙিলে এ আই য়ু ডি এফে।

কিন্তু এ আই য়ু ডি এফে মাত্ৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী দি বাকীকেইটা সমষ্টি এৰি দিয়া কথাটোৰ আধাৰতে বিজেপি-অগপই কংগ্ৰেছ-এ আই য়ু ডি এফৰ মাজত গোপনে মিত্ৰতা হোৱা বুলি যি প্ৰচাৰ চলাইছিল আজি সেয়া স্বতঃসিদ্ধভাৱে অসত্য প্ৰমাণ হয়।

কংগ্ৰেছে আজি এ আই য়ু ডি এফে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত কৰা সমষ্টিকেইটাতো শক্তিশালী প্ৰাৰ্থী দি বিজেপি-অগপৰ মুখত এক প্ৰকাৰৰ ছাই সানিলে। কংগ্ৰেছে বদৰুদ্দিন নেতৃত্বাধীন দলটোৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী দি প্ৰমাণ কৰিলে যে তেওঁলোকৰ মাজত কোনো বুজাবুজি হোৱা নাই।

আজি বাকী থকা চাৰিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতেই বিজেপিৰ এই অভিযোগক ভিত্তিহীন আখ্যা দি উভতি ধৰে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্যই ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি এয়া বিজেপিৰ এক অপপ্ৰচাৰ বুলি মন্তব্য কৰে।

“বিজেপিয়ে এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি যোৱা পাঁচ বছৰত কিমানখিনি পূৰণ কৰিলে তাৰ খতিয়ান দাঙি ধৰক”, বিজেপিলৈ প্ৰত্যাহ্বান জনাই মুখপাত্ৰজনে কয়।

অভিযোগ কৰে যে মূল ইচ্ছ্যুবোৰৰ পৰা মানুহৰ মনোযোগ আঁতৰাই নিবৰ বাবেহে বিজেপিয়ে এনেধৰণৰ কূট-কৌশলৰ আশ্ৰয় লৈছে।

“আজমল চাহাবৰ স্ক্ৰিপ্ট বিজেপিৰ কাৰ্যালয়ত লিখে”, কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে কয়।

ইয়াৰ উপৰি এ আই য়ু ডি এফ নাথাকিলে বিজেপিয়ে অসমত নিৰ্বাচন জিকিব নোৱাৰে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই কয়, “সেয়ে মৰিব ওলোৱা এ আই য়ু ডি এফক বিজেপিয়ে চেলাইন দি জীয়াই ৰাখিব বিচাৰে”।

অসমত কংগ্ৰেছে আটাইকেইটা সমষ্টিতেই যোগ্য আৰু দক্ষ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া বুলিও কিশোৰ কুমাৰ ভট্টাচাৰ্যই দাবী কৰে। ইয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে দিল্লীলৈ গৈ সংসদত অসমৰ হৈ মাত মাতিব পৰা সাংসদহে দলটোৱে পঠিয়াব বিচাৰে।

আনহাতে, কেৱল ক্ষমতালিপ্সাৰ বাবেহে অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰিছে বুলি আঞ্চলিক দলটোক কটাক্ষ কৰে।