NORTHEAST NOW (Assamese)
অসম

সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 5, 2019 6:47 pm

সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থক সুকুমাৰ বিশ্বাসে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আজি পুৱা ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নেতাজনে দলটোত যোগদান কৰে।

উল্লেখযোগ্য যে সুযোগ সন্ধানী নেতাজনে ইয়াৰ পূৰ্বে ২০১৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি ২০১৭ চনত পদত্যাগ কৰিছিল। নির্বাচনৰ পূৰ্বে সুযোগৰ সন্ধানত দল বাগৰি ফুৰা নেতাজনে বিজেপিত যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। দলত যোগদান কৰিয়ে নেতাজন মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা যায়।

‘এজন দক্ষ প্ৰধান মন্ত্ৰীয়ে দেশখন চলাই আছে। এক শক্তিশালী ৰূপত ভাৰতক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে। দীৰ্ঘ বিৰতিৰ অন্তত ভাৰতবাসীৰ মনত দেশপ্ৰেম জগাই তোলাত আটাইতকৈ সফল হৈছে নৰেন্দ্ৰ মোদী। সেয়েহে মই এনে এটা দলত যোগদান কৰিলো।” মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ সংবাদমাধ্যমৰ আগত বিশ্বাসে এইদৰে মন্তব্য কৰে।

সুকুমাৰ বিশ্বাসৰ লগত বঙালী যুৱ ফেডাৰছনৰ সাধাৰণ সম্পাদক সলিল দেয়ো বিজেপিত যোদদান কৰে। উল্লেখযোগ্য যে সদৌ অসম বঙালী যুৱ ফেডাৰেছনৰ লগত তেওঁ ২৪ বছৰ ধৰি জড়িত আছিল।