NORTHEAST NOW (Assamese)
অসম

মহন্ত নহয় অতুল বৰাহে দলৰ নেতা, অগপৰ অন্তৰ্কলহ উদঙাই মন্তব্য ফণীভূষণৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ April 7, 2019 4:55 pm
Not Prafulla Mahanta, AGP's leader is Atul Bora: declares Assam minister Phanibhushan

বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ অগপত চলা অভ্যন্তৰীণ দ্বন্দ্ব উদঙাই প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে বৰ্তমানৰ সভাপতি অতুল বৰাহে দলৰ নেতা বুলি দেওবাৰে ঘোষণা কৰিছে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ উদ্যোক্তা বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰি আসন্ন লোকসভা নিৰ্বাচনত মহন্তই দলৰ হৈ প্ৰচাৰ নচলোৱাৰ বাবে লোৱা সিদ্ধান্তই কোনো প্ৰভাৱ নেপেলাই বুলিও চৌধুৰীয়ে মন্তব্য কৰিছে।

“প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতিয়ে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়, কাৰণ তেওঁ বৰ্তমান দলৰ নেতা নহয়। অতুল বৰাহে বৰ্তমান দলৰ সভাপতি|”, মিত্ৰজোঁট প্ৰক্ষেপিত বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে পাটাছাৰকুছিত দেওবাৰে আয়োজিত দলীয় কৰ্মীৰ সভাৰ শেষত সাংবাদিকক মন্তব্য চৌধুৰীৰ।

মিত্ৰতাৰ পক্ষ লৈ চৌধুৰীয়ে লগতে কয় যে বিজেপি আৰু বিপিএফৰ সৈতে মিত্ৰতাই সংসদলৈ প্ৰতিনিধি পঠোৱাত দলটোক সহায় কৰিব।

বিধেয়কৰ বিৰুদ্ধে দলটোৰ পূৰ্বৰ স্থিতি অক্ষুণ্ণ থাকিব বুলি ঘোষণা কৰি চৌধুৰীয়ে ৰাইজক মুক্তমনে ভোট দিবলৈ আহ্বান জনাইছে।

পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ সভাপতিত্বত হৰেন্দ্ৰ ভৱনত অনুষ্ঠিত সভাখনত বৰপেটাৰ প্ৰাৰ্থী দাসৰ লগতে শতাধিক দলীয় কৰ্মী উপস্থিত আছিল।

সভাখনত দলটোৰ বজালী জিলা সভাপতি মনোৰঞ্জন দাস, সম্পাদক জিন্তু চৌধুৰীও উপস্থিত আছিল।