NORTHEAST NOW (Assamese)
অসম

গণতন্ত্ৰৰ উত্থান; অসমত প্ৰথমবাৰৰ বাবে মহিলাই সম্পূৰ্ণৰূপে পৰিচালনা কৰিলে ভোটগ্ৰহণ কেন্দ্ৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 11, 2019 6:54 pm
women run polling station inAssam

অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ছটা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ মহিলাই পৰিচালনা কৰে। অসমত প্ৰথমবাৰৰ বাবে মহিলাই এনেদৰে ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালনা কৰে।

১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ আউনিআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূব) আৰু আউনিআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পশ্চিম), ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় (দক্ষিণ),ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৱ), ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ অ’ এন জি চি প্ৰাথমিক বিদ্যালয় (উত্তৰ) আৰু অ এন জি চি প্ৰাথমিক বিদ্যালয় (দক্ষিণ)ত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰকেইটা সম্পুৰ্ণৰূপে মহিলাই পৰিচালনা কৰে।

উল্লেখযোগ্য যে, ভোটগ্ৰহণ কেন্দ্ৰকেইটাৰ দায়িত্বত থকা প্ৰিজাইডিং বিষয়া, পোলিং বিষয়াৰ লগতে মহিলা নিৰাপত্তাৰক্ষী আৰু মহিলা সাধাৰণ কৰ্মচাৰীও নিয়োগ কৰা হৈছিল।

আনহাতে, শিৱসাগৰ জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ মুঠ ৪০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনলাইনভাবে ভোটাৰৰ গতিবিধি নিৰীক্ষণ কৰাৰ বাবে চি চি টিভিৰ ব্যৱস্থা কৰা হৈছিল আৰু শিৱসাগৰ আৱৰ্ত ভৱনৰ পৰা ইয়াক নিয়ন্ত্ৰণ কৰা হয়।