NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰত প্ৰকৃতিৰ সংহাৰ : ধুমুহাই প্ৰাণ ল’লে ৩গৰাকী মহিলাৰ

Posted by: এন ই নাও নিউজ April 15, 2019 8:51 pm
Three-dead-in-Manipur-thunderstorm-750x430

আজি ৰাতিপুৱা অহা এজাক বিধ্বংসী ধুমুহাই তচ-নচ কৰি গ’ল মণিপুৰৰ বিভিন্ন অঞ্চল। ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত ৰাজ্যখনত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ লগতে প্ৰায় ১০গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

তীব্ৰ বেগত বলা ধুমুহা জাকৰ ফলত ৰাজ্যখনৰ চুৰাচন্দপুৰ জিলাৰ কে চালেমজাং গাঁৱৰ দুগৰাকী মহিলাৰ মৃত্যু হয়। মৃত্যু হোৱা মহিলা দুগৰাকী পঞ্চাশ উৰ্ধ্বৰ বুলি জানিব পৰা গৈছে। তদুপৰি ধুমুহাই অঞ্চলটোৰ কেইবাটাও বাসগৃহ, দোকান ঘৰৰ লগতে গচ-গছনি ভাঙি চূৰমাৰ কৰে।

ৰাতিপুৱা প্ৰায় ১০ বজাত অহা বিধ্বংসী ধুমুহা জাকে কাকচিং জিলাতো ভয়াবহ ৰূপ ধাৰণ কৰে। যাৰ ফলত এগৰাকী মহিলাই কৰুণ মৃত্যুক আকোৱালি লয়। জানিব পৰা মতে ধুমুহা অহা সময়ত মহিলাগৰাকীয়ে নিজৰ হোটেলত আছিল আৰু তেতিয়াই হোটেলখনৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰে আৰু মহিলা ব্যৱসায়ীগৰাকীৰ মৃত্যু হয়।

এই ধুমুহাত বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত কুম্বি আৰু কোৱাক্টা নামৰ দুখন বিদ্যালয়ৰ প্ৰায় ১০ গৰাকী ছাত্ৰ-ছাত্ৰী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আহত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

প্ৰকৃততে এই ধুমুহাৰ ফলত ৰাজ্যখনৰ কোন কোন অঞ্চলত কিমান প্ৰভাৱ পৰিছে বা ইয়াৰ ফলত কিমান সম্পত্তি বিনষ্ট হৈছে সেই তথ্য এই পৰ্যন্ত সঠিকভাৱে জনোৱা নাই।

ইফালে বিধ্বংসী ধুমুহা জাকৰ পাছতে অতি শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ তথা সাহায্য বিচাৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া পি কে সিঙে নিৰ্বাচনী আয়োগক অৱগত কৰিছে। তেওঁ লগতে সাহায্য প্ৰক্ৰিয়াত ৰাজনৈতিক দল তথা নেতা সমূহক আঁতৰি থাকিবলৈও আহ্বান জনায়।