NORTHEAST NOW (Assamese)
অসম

লামডিঙত ৰে’লৰ খুণ্ডাত বনৰীয়া হাতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ April 16, 2019 4:48 pm
Elephant-crossing-750x375

গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ ট্ৰেইনৰ খুণ্ডাত সোমবাৰে হোজাই জিলাৰ লামডিঙত এটা বনৰীয়া হাতীৰ মৃত্যু হয়।

প্ৰাপ্ত খবৰ অনুসৰি দহটা হাতীৰ এটা জাকে ৰে’ইল লাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে দ্রুতবেগেৰে আহি থকা ৰেলগাড়ীখনৰ খুণ্ডাত হাতীটোৰ মৃত্যু হয়। জাকটোত থকা বাকী ৯ টা হাতীয়ে সুকলমে ৰে’ইল লাইন পাৰ হ’বলৈ সক্ষম হয় যদিও একেবাৰে শেষত থকা বাবে মৃত্যু হোৱা হাতীটোৱে নিজকে ৰে’লগাড়ীখনৰ খুণ্ডাৰ পৰা বচাব নোৱাৰিলে।

দুৰ্ঘটনাটোৰ খবৰ লাভ কৰিয়ে বন বিভাগৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত্যু হোৱা হাতীটোক উদ্ধাৰ কৰাৰ লগতে ঘটনাটোৰ এটা তদন্ত ঘোষণা কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষতো গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে’লৰ খুণ্ডাত হোজাই জিলাৰ লংকাত এটা হাতীৰ মৃত্যু হোৱাৰ উপৰিও আন এটা হাতী পোৱালীৰ মৃত্যু হৈছিল। একেদৰে ২০১৬ চনতো হোজাই জিলাত কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছৰ খুণ্ডাত দুটা গৰ্ভৱতী হাতীকে ধৰি তিনিটা হাতীৰ মৃত্যু হৈছিল।

আনহাতে, স্থানীয় ৰাইজে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি বন বিভাগক ৰেল বিভাগৰ লগত যাৱতীয় ব্যৱ্স্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছে।