NORTHEAST NOW (Assamese)
অসম

অহা নাই এম্বুলেন্স, ঠেলাত আনিলে অসুস্থ ৰোগী! বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2022 2:17 pm

For a report on a man taken to hospital on cart এগৰাকী অসুস্থ বৃদ্ধক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাৰ প্ৰয়োজন আছিল। এম্বুলেন্সৰ বাবে বাৰে বাৰে ফোন কৰিও কোনো সঁহাৰি পোৱা নাছিল। অৱশেষত ৰোগীৰ আত্মীয়সকলে ঠেলা গাড়ীৰ ওপৰতে ভৰসা কৰি ৰোগীজনক পাঁচ কিলোমিটাৰ দূৰলৈ ঠেলি লৈ গৈছিল।

এই ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি বাতৰি দিয়াৰ বাবে মধ্য প্ৰদেশৰ তিনিজন স্থানীয় সাংবাদিকৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে।

লগতে পঢ়ক: স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

এই ঘটনাটো মধ্য প্ৰদেশৰ ডাবো চহৰৰ ওচৰৰ লাহাৰ অঞ্চলত সংঘটিত হৈছিল। প্ৰতাৰণা আৰু ঘৃণা বিয়পোৱাৰ অভিযোগত তিনিজন সাংবাদিক -কুঞ্জ বিহাৰী কৌৰাব, অনিল শৰ্মা আৰু এন কে ভাটেলেৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। বাতৰিটো সম্পূৰ্ণ মিছা বুলি দাবী কৰা হৈছে।

অৱশ্যে অসুস্থ ৰোগীজনৰ আত্মীয়সকলে দাবী কৰে যে বাতৰিটো সঁচা আছিল আৰু তেওঁলোকে এম্বুলেন্সখন একাধিকবাৰ বিচাৰিও নোপোৱাৰ বাবে তেওঁলোকে ঠেলাতে লৈ যাবলৈ বাধ্য হৈছিল।

ইপিনে, জিলা দণ্ডাধীশ সতীশ কুমাৰ এছ-এ দাবী কৰে যে ৰোগীৰ পৰিয়ালে তেওঁক এম্বুলেন্সৰ বাবে এবাৰো অৱগত কৰা নাছিল। তেওঁলোকে আনকি ৰোগীজনক চৰকাৰে নহয়, ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

লগতে পঢ়ক: Sanna Marin: পাৰ্টিত সুৰাপান কৰি গানৰ তালত নৃত্য! ড্ৰাগ টেষ্ট কৰালে বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীগৰাকীয়ে

আনহাতে, জিলা দণ্ডাধীশৰ দাবী নাকচ কৰি অসুস্থ বৃদ্ধজনৰ আত্মীয়সকলে কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা কিস্তিৰ টকাৰ বাহিৰে আন কোনো সুবিধাই লাভ কৰা নাই।