NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ খুনচাত সংঘটিত ভয়াবহ দুৰ্ঘটনাত এজনৰ মৃত্যু

Posted by: মানস প্ৰতিম গগৈ April 16, 2019 8:58 pm
injured persons

অসমৰ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাত আজি সন্ধিয়া এখন যাত্ৰীবাহী টাটা মোবাইল গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়াবহ দুৰ্ঘটনাটোত এগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে আন ৪ গৰাকী ব্যক্তি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

গুৰুতৰভাবে আহত ব্যক্তিকেইগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰা হয়। গাড়ীখনত যাত্ৰা কৰি থকা আনবোৰ আংশিকভাবে আঘাতপ্ৰাপ্ত যাত্ৰীক স্থানীয় খুনচা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

উল্লেখযোগ্য যে, গাড়ীখনত মুঠ ১৮ গৰাকী যাত্ৰীয়ে যাত্ৰ কৰিছিল। চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই দুৰ্ঘটনাতো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

আনহাতে, পাহাৰীয়া জিলা খনত সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাটোৱে জনসাধাৰণৰ মাজত শোকৰ ছাঁ পেলাইছে। বাতৰি সংগ্ৰহ কৰাৰ পৰলৈ মৃত্যু হোৱা যুৱতীগৰাকীৰ সঠিক পৰিচয় লাভ কৰিব পৰা হোৱা নাই।